সোণাপুৰ : সোণাপুৰত গৰু ভৰ্তি দুখনকৈ বাহন জব্দ। গাঁও সুৰক্ষা বাহিনীৰ তৎপৰতাত জব্দ হয় গৰু ভৰ্তি বাহন দুখন। বাহন দুখনৰ পৰা উদ্ধাৰ ১৪ টাকৈ গৰু। মুঠ চাৰিখন গৰু ভৰ্তি বাহন আছিল যদিও দুখন বাহন পলায়ন কৰিবলৈ সক্ষম হয়।

ৰাজ্য চৰকাৰৰ গো সুৰক্ষা আইন বলবৎ কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়াও অবৈধভাৱে গৰুৰ সৰবৰাহ চলাই আছে একাংশ গৰু সৰবৰাহকাৰীয়ে। আৰক্ষী প্ৰশাসন কঠোৰ হৈছে যদিও আৰক্ষী প্ৰশাসনক কেৰেপ নকৰে গৰু সৰবৰাহকাৰীয়ে।

দেওবাৰে পুৱতি নিশা সোণাপুৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী আপ্ৰিকলাত গাঁও সুৰক্ষা বাহিনীয়ে দুখন গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত গাঁও সুৰক্ষা বাহিনীয়ে এএছ-২১-চি-৫৭২৮ আৰু এএছ-০১-এলচি-২০১৭ নম্বৰৰ বাহন দুখন জব্দ কৰি ১৪ টাকৈ গৰু উদ্ধাৰ কৰে।

গাঁও সুৰক্ষা বাহিনীৰ সভাপতি ৰিংকু দাসে জানিবলৈ দিয়ে যে পুৱতি নিশা চাৰিখনকৈ গৰু ভৰ্তি বাহন জব্দ কৰা হৈছিল যদিও দুখন বাহন আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে যদিও দুখন বাহন জব্দ কৰা হয়। আনহাতে জব্দ কৰা বাহন দুখনৰ চালক দুজনো পলায়ন কৰে। গৰু ভৰ্তি বাহন কেইখন মেঘালয়ৰ ফালে গৈ আছিল বুলিও জানিবলৈ দিয়ে।

জব্দ কৰা গৰু ভৰ্তি বাহন দুখন গাঁও সুৰক্ষা বাহিনীয়ে সোণাপুৰ আৰক্ষীক গতাই দিয়ে। সোণাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে পূৰ্বে কেইবাবাৰো সোণাপুৰ অঞ্চলত আৰক্ষীয়ে গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল। গৰু সৰবৰাহকাৰীয়ে সোণাপুৰ হৈ মেঘালয়লৈ চোৰাংভাৱে গৰু চালনা দিয়ে।