মানকাচৰ : ৰাইজে নিৰ্মাণ কৰা বান্ধ প্ৰশাসনে কৰিলে মুকলি। বিধায়ক ৰাইজৰ পক্ষত নথকাৰ বাবে ক্ষোভিত ৰাইজে দাহ কৰিলে বিধায়কৰ প্ৰতিমূৰ্তি। গৰাখহনীয়া ৰোধৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি ৮ লাখ টকাৰে ৰাইজে নিৰ্মাণ কৰিছিল বান্ধ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত ৰাইজৰ উত্তাল প্ৰতিবাদ। মানকাচৰৰ ভুৰাকাটা উৰাৰভূঁইত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

মানকাচৰৰ কালো নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত ৰাইজে কালো নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ নিৰ্মাণ কৰিছিল বান্ধ। ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা বান্ধ প্ৰশাসনে মুকলি কৰি দিয়াত ক্ষোভিত হৈ উঠে অঞ্চলটোৰ ৰাইজ।

প্ৰসাদনে বান্ধ কাটি মুকলি কৰি দিয়াত বিধায়ক আমিনুল ইছলাম ৰাইজকৰ পক্ষত নথকাৰ অভিযোগত ক্ষোভিত হৈ ৰাইজে বিধায়ক গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে প্ৰায় ৭ বছৰ পূৰ্বে কালো নদীত গৰাখহনীয়াৰ ফলত অৰ্ধ শতাধিক পৰিয়াল গৃহহীন হৈছিল।

গাঁৱবাসীয়ে কালো নদীয়ে গৰাখহনীয়া ৰোধ কৰাৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰায় ৮ লাখ টকাৰে বান্ধ নিৰ্মাণ কৰিছিল। জিলা প্ৰশাসনে ৰাইজে নিৰ্মাণ কৰা বান্ধ কাটি মুকলি কৰি দিয়াত ৰাইজ ক্ষোভিত হৈ পৰে আৰু বিধায়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।