মানকাচৰ : গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰাৰ উদ্দেশ্যে সজাগতা সভা। মানকাচৰৰ চৰ কুকুৰমাৰা গাঁৱত গৰুৰ চোৰাং সৰবৰাহৰ বন্ধ কৰাৰ উদ্দেশ্যে আৰক্ষীৰ সজাগতা সভা। ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হৈছে কেইবাজনো গৰু সৰবৰাহকাৰী। চৰ কুকুৰমাৰা গাঁৱৰ একাংশ লোক গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ। গাঁওবাসীক গৰুৰ চোৰাং সৰবৰাহৰ পৰা আঁতৰি থকাৰ আহ্বান আৰক্ষীৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী চৰ কুকুৰমাৰা গাঁৱত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপালী বৰুৱাৰ নেতৃত্বত চোৰাং গৰু সৰবৰাহ বন্ধ কৰাৰ উদ্দেশ্যে এক সজাগতা সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে জিলাখনৰ বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত চৰ কুকুৰমাৰা গাঁৱৰ মাজেৰে দীৰ্ঘদিন ধৰি এটা চক্ৰই সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আহিছে।

সময়ে সময়ে সীমান্তত গৰু সৰবহকাৰী সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে মুখামুখী হোৱাত সংঘৰ্ষৰ সৃষ্টি হয়। বিভিন্ন সময়ত গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীয়ে গুলী চালনা কৰিবলৈ বাধ্য হ’বগলীয় হয়। বিভিন্ন সময়ত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত গৰু সৰবৰাহকাৰীয়ে প্ৰাণ হেৰুওৱালগীয়া হয়। শেহতীয়াকৈ যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখে চৰ কুকুৰমাৰাৰ কাষতে সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত এজন বাংলাদেশী গৰু সৰবৰাহকাৰী নিহত হৈছিল।

সীমান্তত গৰু সৰবৰাহ কৰাৰ ক্ষেত্ৰত চৰ কুকুৰমাৰা গাঁৱৰ একাংশ লোক জড়িত হৈ থকাৰো অভিযোগ দীর্ঘদিন ধৰি উত্থাপিত হৈ আছে। কম পৰিশ্ৰমত সহজতে অধিক ধন উপাৰ্জন কৰিবলৈ একাংশ লোক গৰু সৰবৰাহৰ কাৰ্যত জড়িত হৈ পৰাত সীমান্তৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। চৰ কুকুৰমাৰা গাঁৱত বসবাস কৰা লোক সকলে শিক্ষাৰ প্ৰতি গুৰুত্ব দি দেশৰ নিৰাপত্তাৰ বাবে চোৰাং গৰুৰ ব্যৱসায় বন্ধ কৰিবলৈ গাঁৱবাসী ৰাইজক জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তই এই সজাগতা সভাৰ জৰিয়তে আহ্বান জনায়।

এই সজাগতা সভাত জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোদ কুমাৰ সোনোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দুলাল দেৱনাথ, মানকাচৰ চক্ৰ বিষয়া জ্ঞান জ্যোতি দত্ত উপস্থিত থাকে। আনহাতে সীমান্তত বসবাস কৰা কৃষক সকলে সীমান্তবৰ্তী এলেকাত সীমান্ত সুৰক্ষা বাহিনীৰ কেতবোৰ নিৰ্দেশনৰ বাবে মৰাপাট, সৰিয়হ খেতি কৰিব নোৱাৰাত কৃষক সকলে বছৰ বছৰ ধৰি ক্ষতিগ্ৰস্ত হৈছে।

একেদৰে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰে থকা নিজা ভূমিত কৃষক সকলে খেতি কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীৰ বাধাৰ সম্মুখীন হৈ আহিছে। এই সমস্যা সমূহ জিলা প্ৰশাসনে সমাধান কৰি দিবলৈ গাঁৱখনৰ কৃষক ৰাইজে আহ্বান জনায়। জিলা উপায়ুক্ত গৰাকীয়ে সীমান্তৰ সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি গাঁওবাসীক সকলো ধৰণৰ চোৰাং বেহা বন্ধ কৰাৰ বাবে আহ্বান জনায়।