গুৱাহাটী : বিহুক লৈ যাতে ৰঙালী বিহুৰ সাত দিনত বিহু পৰ্যটনৰ এক ধাৰণা গঢ় দিব পৰা যায় এই উদ্দেশ্য আগত ৰাখি ডিব্ৰুগড় জিলাৰ টিংখঙত দুদিনীয়াকৈ ১১ আৰু ১২ এপ্ৰিলত ‘ৰঙালী উৎসৱ ২২’ নামেৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্দ্যোগত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বৰাই এক সংবাদ মেলত এই কথা অৱগত কৰে।

টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিতব্য এই ৰঙালী উৎসৱত ১১ এপ্ৰিলত অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই প্ৰদৰ্শনীৰ বিপণী আনুষ্ঠানিকভাৱে উন্মোচন কৰিব বুলি উল্লেখ কৰি মন্ত্রী বিমল বৰাই এই অনুষ্ঠানত অসমৰ সত্ৰীয়া পৰম্পৰাৰ এক বৈভৱ মুখা শিল্প আৰু চিত্র কলাৰ কৰ্মশালা, থলুৱা খেল ধেমালি, বিহু বিষয়ক কুইজ প্ৰতিযোগিতাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ তৰফৰ পৰা লোক আৰু সত্ৰীয়া পৰম্পৰাৰ নৃত্য পৰিৱেশন কৰা হ’ব বুলিও জানিবলৈ দিয়ে। অনুষ্ঠানৰ দ্বিতীয়দিনা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি টিংখঙত অনুষ্ঠিত বিহু কৰ্মশালাত অংশগ্রহণ কৰা পাঁচ হাজাৰ বিভিন্ন বয়সৰ ঢুলীয়া-নাচনীয়ে বিহু নাচ পৰিৱেশন কৰিব।

এই অনুষ্ঠানত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্রী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ মন্ত্রী বিমল বৰা উপস্থিত থাকিব। সিদিনাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ, অংগৰাগ মহন্ত, প্ৰিয়ংকা ভৰালী, নিল আকাশ, সীমান্ত শেখৰ আদি শিল্পীৰ সংগীতানুষ্ঠানৰ লগতে বৰপেটাৰ আটচ বাজি প্ৰদৰ্শন কৰা হ’ব বুলিও মন্ত্রী গৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে। সংবাদ মেলত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, অসম পৰ্যটন উন্নয়ণ নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণী বৰা আৰু পৰ্যটন বিভাগৰ সঞ্চালিকা মধুমিতা ভাগৱতীও উপস্থিত থাকে।