হোজাই : হোজাই জিলাৰ ডবকাৰ শালবাগানত পুনৰ অসম আৰক্ষীৰ গুলী চালনা। এজন কুখ্যাত ডকাইতক লক্ষ্য কৰি গুলী চালনা কৰে হোজাই আৰক্ষীয়ে। আৰক্ষীৰ গুলীত আহত হয় চামছুল হক নামৰ কুখ্যাত ডকাইত এজন। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ডকাইত চামছুল হক।

অপৰাধীক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী চালনা অব্যাহত আছে। এইবাৰ হোজাই আৰক্ষীয়ে এজন ডকাইতক লক্ষ্য কৰি গুলী চালনা কৰে। হোজাই জিলাৰ ডবকাৰ শালবাগানত সংঘটিত হয় এই গুলী চালনাৰ ঘটনা। শনিবাৰে নিশা প্ৰায় ১১ বজাত ডবকাৰ শালবাগানত আৰক্ষীয়ে এজন ডকাইতক লক্ষ্য কৰি গুলী চালনা কৰে।

আৰক্ষীৰ গুলীত আহত হয় চামছুল হক নামৰ এজন কুখ্যাত ডকাইত। ডকাইত চামচুল হকক লগত লৈ নিশা আৰক্ষীয়ে মাৰণাস্ত্ৰ বিচাৰি ডবকাৰ শালবাগানত অভিযান চলাবলৈ গৈছিল। অভিযানৰ সময়ত চামছুল হক নামৰ ডকাইতজনে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়।

আৰক্ষীৰ গুলী ভৰিত লগত গুৰুত্বৰভাৱে আহত হয় চামছুল হক নামৰ কুখ্যাত ডকাইতজন। আহত চামছুল হকক আৰক্ষীয়ে প্ৰথমে ডবকা চিকিৎসালয়ত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত ডবকাৰ পৰা নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ডকাইত চামছুল হকক। ডকাইত চামছুল হকৰ ঘৰ হোজাই জিলাৰ লংকাৰ লস্কৰ পথাৰত।

উল্লেখ্য যে আৰক্ষীয়ে চামছুল হকক গ্ৰেপ্তাৰ কৰি চামছুল হকৰ ঘৰৰ পৰা মাৰণাস্ত্ৰসহ কেইবাজাই গুলী উদ্ধাৰ কৰিছিল। আৰক্ষীৰ জেৰাত ডকাইত চামছুল হকে ডবকাৰ শালবাগানত মাৰণাস্ত্ৰ লুকুৱাই ৰখাৰ বুলি স্বীকাৰ কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে ডকাইত চামছুল হকক লগত লৈ শালবাগানত মাৰণাস্ত্ৰ বিচাৰি অভিযান চলাবলৈ গৈছিল।