জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ ১০০০ ক‍ৰ্টুন অবৈধ অৰুণাচলী সুৰা। অৰুণাচল প্ৰদেশৰ পৰা প্ৰায় ৩০ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা লৈ আন স্থানলৈ গৈ থকা সময়ত বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ট্ৰাকসহ সুৰাখিনি।

বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত অবৈধ অৰুণাচলী সুৰাৰ উজান উঠিছে। সুৰাৰ দোকানতো নাপাব বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত উজান উঠা বিভিন্ন ব্ৰেণ্ডৰ এই সুৰা। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত উভয়নদী হৈছে বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰা।

বিশ্বনাথ জিলা নৱ নিযুক্ত আৰক্ষী অধীক্ষক নবীন সিঙে সাংবাদিকক জনোৱা মতে বুধবাৰে বিশ্বনাথ নগৰৰ সমিপৰ দগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এটা কন্টেনাৰযুক্ত ট্ৰাকত অবৈধভাৱে অৰুণাচলী সুৰা কঢ়িয়াই বিশ্বনাথ দিশে লৈ আহি আছিল। এই খবৰ গোপন সূত্ৰৰ ভিত্তিত লাভ কৰিবলৈ সক্ষম হৈছিল বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষায়া সঞ্জিত কুমাৰ ৰয়ে।

উক্ত খবৰৰ ভিত্তিত আৰক্ষী বিষয়া গৰাকীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ১০০০ কাৰ্টুন অবৈধ অৰুণচলী সুৰা। অৱশ্যে আৰক্ষীৰ অভিযানকাৰী দলটোৰ অভিযান চলোৱা পূৰ্বেই অবৈধ অৰুণাচলী সুৰা কঢ়িওৱা কন্টেইনাৰযুক্ত ট্ৰাকখনৰ চালকজন গাড়ী এৰি পলায়ন কৰিবলৈ সক্ষম হয়।

এমএইচ-০৪-এফইউ-৫৭০৮ নম্বৰৰ এখন কন্টেইনাৰযুক্ত ট্ৰাকত বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰা অবৈধভাৱে অনা হৈছিল।আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে অবৈধ অৰুণাচলী সুৰাখিনিৰ বজাৰ মূল্য ৩০ লাখ টকা হ’ব। উল্লেখ্য যে পূৰ্বে কেইবাবাৰো বিশ্বনাথত অৰুণাচলী সুৰা জব্দ হৈছিল।