গুৱাহাটী : গুৱাহাটী মহানগৰীত পুনৰ এক জঘন্য ধর্ষণকাণ্ড। এগৰাকী মহিলাক দলবদ্ধ ধর্ষণ গুৱাহাটী মহানগৰীত। হাতীগাঁৱত এগৰাকী কাৰ্বি মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ধর্ষণকাণ্ডৰ লগত জড়িত থকা তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে হাতীগাঁও আৰক্ষীৰ।

হাতীগাঁৱৰ নীলকমল পথত সংঘটিত হৈছে এক দলবদ্ধ ধর্ষণকাণ্ড। নীলকমল পথত এগৰাকী কাৰ্বি মহিলাক দলবদ্ধ ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। তিনি যুৱকে কাৰ্বি মহিলা গৰাকীক দলবদ্ধ ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। নীলকমল পথৰ ২৪ নং ভাড়া ঘৰত এই জঘন্যকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যুৱক তিনি অভিযুক্ত যুৱকক। নাইমুদ্দীন, আশ্ৰাফুল আৰু মুকুল ইছলাম নামৰ তিনি যুৱকে কাৰ্বি মহিলা গৰাকীক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। কাৰ্বি মহিলা গৰাকীক ভাত খাবলৈ ঘৰলৈ মাতি তিনি যুৱকে ধর্ষণ কৰে বুলি জানিব পৰা গৈছে।

যুৱক তিনিজন কোম্পানী এটাত কাম কৰে। কাৰ্বি মহিলা গৰাকীও একেটা কোম্পানীত কিছুদিন পূৰ্বে যোগদান কৰিছিল। ইফালে ধৰ্ষণৰ অভিযুক্ত তিনি যুৱকে ধৰ্ষণ কৰা নাই বুলি প্ৰকাশ কৰিছে। যুৱক তিনিজনে প্ৰকাশ কৰা মতে মহিলা গৰাকীয়ে তেওঁলোকৰ পৰা ৫ হাজাৰ টকা দাবী কৰিছিল। টকা নিদিয়াৰ বাবে মহিলা গৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিছে।

হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱক তিনিজনৰ স্বাস্থ্য পৰীক্ষা কৰিছে। হাতীগাঁও আৰক্ষীয়ে যুৱক তিনিজনক থানাত জেৰা চলাই আছে। আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। বুধবাৰে নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাই সমগ্ৰ হাতীগাঁও অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।