গোৱালপাৰা : পুনৰ ৰেগিং (Raging) কাণ্ড। পুনৰ ৰাজ্যৰ এখন শিক্ষানুষ্ঠানত সংঘটিত হৈছে ৰেগিং কাণ্ড। জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত আহত কেইবাজনো কনিষ্ঠ ছাত্ৰ। দেওবাৰে সংঘটিত হৈছে এই ৰেগিং কাণ্ড।

পুনৰ এক ৰেগিং কাণ্ডই জোকাৰি গৈছে ৰাজ্য। ৰেগিংৰ নামৰ জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত আহত হৈছে কেইবাজনো কনিষ্ঠ ছাত্ৰ। আহত ছাত্ৰ সকলৰ অভিভাৱকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই ৰেগিংৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ সৈনিক স্কুলত।

চলিত বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগত ছাত্ৰ আনন্দ শৰ্মাক ৰেগিংৰ নামত জ্যেষ্ঠ ছাত্ৰই কৰা বৰ্বৰ অত্যাচাৰৰ ঘটনাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই ভয়ংকৰ ৰেগিংৰ ঘটনাৰ পিছত এইবাৰ গোৱালপাৰাৰ সৈনিক স্কুলৰ ৰেগিং কাণ্ডই জোকাৰিছে ৰাজ্য। গোৱালপাৰাৰ সৈনিক স্কুলত ৰেগিংৰ নামত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত হৈছে কেইবাজনো কনিষ্ঠ ছাত্ৰ।

দেওবাৰে সংঘটিত হোৱা এই ৰেগিং কাণ্ড সন্দৰ্ভত আহত ছাত্ৰ সকলৰ অভিভাৱকে আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছতে গোৱালপাৰা মৰনৈ থানা আৰক্ষীয়ে ৰেগিংৰ ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে। সৈনিক স্কুলৰ জ্যেষ্ঠ ছাত্ৰই কেইবাজনো কনিষ্ঠ ছাত্ৰক প্ৰহাৰ কৰিছিল। ঘটনাটো পোহৰলৈ অহাত অভিযুক্ত ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

অভিযোগ মতে সৈনিক স্কুলৰ কতৃপক্ষই ৰেগিংৰ এই ঘটনা সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ভুক্তভোগী ছাত্ৰৰ অভিভাৱকে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অভিভাৱকৰ অভিযোগৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধানে গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে ভাৰতীয় দণ্ডবিধিৰ ৩২৫/৩৪১/৩৪ ধাৰাৰ অধীনত এটা গোচৰ ৰোজু কৰি তদন্ত আৰম্ভ কৰিছে।