গুৱাহাটী : দীর্ঘদিন ধৰি কাৰাবন্দী হৈ থকা ৰাকেশ পাল (Rakesh Paul) অৱশেষত কাৰাগাৰৰ পৰা ওলাল। ৬ বছৰ ৪ মাহ পিছত মুকলি আকাশৰ তললৈ আহিল ৰাকেশ পাল। অসম লোকসভা আয়োগ পৰীক্ষাৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল। আটাইকেইটা গোচৰত জামিন লাভ কৰিলে ৰাকেশ পালে।

মঙলবাৰে মুকলি আকাশৰ তললৈ আহিলে অসম লোকসেৱা আয়োগ পৰীক্ষাৰ কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পাল। ৬ বছৰ ৪ মাহ কাৰাগাৰত কটোৱাৰ পিছত মঙলবাৰে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে ৰাকেশ পালে। অসম লোক সেৱা আয়োগৰ অধ্যক্ষৰ পদত থাকি ৰাকেশ পালে দুৰ্নীতিৰ জৰিয়তে চাকৰিৰ বজাৰ মেলি দিছিল। অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ কেলেংকাৰীত অভিযুক্ত হৈ কাৰাগাৰত আছিল ৰাকেশ পাল।

ধনৰ বিনিময়ত অসম লোকসেৱা আয়োগৰ এচিএছ, এপিএছ, এপিএছচিৰ পদ বিক্ৰী কৰাৰ অভিযোগ ৰাকেশ পালৰ বিৰুদ্ধে। অসম লোকসেৱা আয়োগৰ অনুষ্ঠিত হোৱা পৰীক্ষাত চাকৰিৰ কিনা-বেচা কৰিছিল ৰাকেশ পালে। অংশুমিতা গগৈ নামৰ এগৰাকী সাহসী মহিলাই পোন প্ৰথমবাৰৰ বাবে ৰাকেশ পালৰ চাকৰিৰ বজাৰখনৰ কথা পোহৰলৈ আনিছিল। অংশুমিতা গগৈৰ অভিযোগতে অসম লোকসেৱা আয়োগত দীৰ্ঘদিন ধৰি চলি থকা অনিয়ম আৰু দুৰ্নীতিৰ কথা পোহৰলৈ আহিছিল।

ডিব্ৰুগড় থানাত ৯৩৬/১৬ ধাৰাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ডিব্ৰগড় আৰক্ষীয়ে ২০১৬ চনত ৪ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল তেতিয়াৰ অসম লোকসভা আয়োগৰ অধ্যক্ষ ৰাকেশ পালক। আৰক্ষী বিষয়া সুৰজিত সিং পানেচৰৰ নেতৃত্বত চলিছিল অসম লোকসভা আয়োগৰ দুৰ্নীতিৰ তদন্ত। সুৰজিত সিং পানেচৰৰ তদন্তত পোহৰলৈ আহিছিল অসম লোকসভা আয়োগত চলি থকা বহু ভয়ংকৰ দুৰ্নীতিৰ কথা।

তদন্তত পোহৰলৈ আহিছিল যে লোকসেৱা আয়োগৰ পৰীক্ষাৰ নকল ওএমাৰ শ্বিট তৈয়াৰ কৰিছিল এটা চক্ৰই। এই চক্ৰটোৰ নেতৃত্ব দিছিল ৰাকেশ পালে আৰু ভাতৃ ৰাজীৱ পাল। ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ ছপাশালত ছপা হৈছিল ওএমাৰ শ্বিট। ৰাজীৱ পালৰ ছপাশালতে চলিছিল দুৰ্নীতিৰ সকলো কাৰ্য। ধনৰ বিনিময়ত বক্ৰ পথেৰে ৰাকেশ পালৰ পৰা চাকৰী ক্ৰয় কৰা সকলোৱে হেৰুৱাইছিল চাকৰী।

উল্লেখ্য যে ৰাকেশ পালৰ বিৰুদ্ধে মুঠ ৫ টা গোচৰ ৰুজু হৈছিল। ইয়াৰে এটা গোচৰ আছিল ভঙাগড় আৰক্ষী থানাত। ৰাকেশ পালে ভঙাগড় আৰক্ষী থানাৰ গোচৰটোৰ বাহিৰে আন ৪ টা গোচৰত পূৰ্বেই জামিন লাভ কৰিছিল। ভঙাগড় আৰক্ষী থানাৰ গোচৰটোৰ বাবে ৭ বাৰ জামিন আৱেদন কৰিছিল ৰাকেশ পালে। অবশেষত ভঙাগড় আৰক্ষী থানাৰ গোচৰটোত জামিন লাভ কৰাত মুকলি আকাশলৈ অহাৰ পথ প্ৰশস্ত হ’ল ৰাকেশ পালৰ।