নিউজ ডেস্ক, ২৮ এপ্ৰিল : বলিউডৰ অভিনেত্ৰী জীয়া খানৰ আত্মহত্যাৰ গোচৰৰ ৰায়দান প্ৰদান কৰিলে চিবিআইৰ বিশেষ আদালতে। আদলতে অভিযুক্ত সুৰজ পাঞ্চোলিক দোষমুক্ত ঘোষণা কৰে (Sooraj Pancholi acquitted)। জীয়া খানক আত্মহত্যাৰ বাবে সুৰজ পাঞ্চোলিয়ে বাধ্য কৰিছিল বুলি অভিযোগ আছিল। দহ বছৰ পিছত আদালতে ৰায়দান প্ৰদান কৰি সকাহ দিলে সুৰজ পাঞ্চোলিক।

বলিউডৰ অভিনেত্ৰী জিয়া খানৰ আত্মহত্যা গোচৰ সন্দৰ্ভত শুকুৰবাৰে (২৮ এপ্ৰিল) চিবিআইৰ বিশেষ আদালতে (CBI Special Court) ৰায়দান প্ৰদান কৰে। চিবিআইৰ বিশেষ ন্যায়াধীশ এ এছ ছায়েদে যোৱা সপ্তাহত জিয়া খানৰ আত্মহত্যা গোচৰটোৰ দুয়োপক্ষৰ চূড়ান্ত যুক্তি শুনানিৰ পিছত ২৮ এপ্ৰিলৰ বাবে ৰায় সংৰক্ষণ কৰি ৰাখিছিল। ২০১৩ চনৰ ৩ জুনত জিয়া খানৰ মৃতদেহ জুহুৰ নিজৰ বাসগৃহত ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল।

২০১৩ চনৰ ৭ জুনত অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৬ পৃষ্ঠাৰ ছুইচাইড নোট। জীয়া খানে লিখা বুলি কোৱা এই ছয় পৃষ্ঠাৰ ছুইচাইড নোটৰ ভিত্তিত সুৰজ পাঞ্চোলিক অভিযুক্ত কৰা হৈছিল। চিবিআইয়ে দাবী কৰিছিল যে ছুইচাইড নোটত জিয়া খানৰ লগত সুৰজ পাঞ্চোলিৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা উল্লেখ আছে। ছুইচাইড নোটত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কথাও উল্লেখ আছে।

ছুইচাইড নোট উদ্ধাৰ হোৱাৰ পিছতে সুৰজ পাঞ্চোলিক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৩ চনৰ ১ জুলাইত সুৰজ পাঞ্চোলিয়ে জামিন লাভ কৰিছিল। জিয়া খানৰ মাতৃ ৰবিয়া খানে জীয়া খানক হত্যা কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল। ২০১৪ চনত বম্বে উচ্চ ন্যায়ালয়ে ৰাবিয়া খানৰ আৱেদনৰ তদন্ত চিবিআইক অৰ্পণ কৰিছিল।

২০১৫ চনত চিবিআইয়ে অভিযোগনামা দাখিল কৰিছিল, য’ত সুৰজ পাঞ্চোলিৰ বিৰুদ্ধে ৩০৬ ধাৰাত আত্মহত্যাৰ কৰিবলৈ বাধ্য কৰাৰ অভিযোগ আছিল। চিবিআইৰ বিশেষ ন্যায়াধীশ এ এছ ছায়েদে যোৱা সপ্তাহত জীয়া খান আত্মহত্যা গোচৰটোৰ দুয়ো পক্ষৰ চূড়ান্ত যুক্তি শুনানিৰ পিছত ২৮ এপ্ৰিলৰ বাবে ৰায় সংৰক্ষণ কৰি ৰাখিছিল। অৱশেষত শুকুৰবাৰে উপযুক্ত তথ্যৰ অভাৱত আদালতৰ সুৰজ পাঞ্চোলিক দোষমুক্ত ঘোষণা কৰে।

২০১৯ চনৰ পৰা আৰম্ভ হোৱা জীয়া খান আত্মহত্যাৰ গোচৰৰ বিচাৰ ২০২৩ চনৰ ২০ এপ্ৰিলত সম্পূৰ্ণ হৈছিল আৰু শুকুৰবাৰে এই গোচৰৰ ৰায়দান প্ৰদান কৰা হয়। উল্লেখ্য যে জীয়া খান বলিউডত আত্মপ্ৰকাশ কৰাৰ পিছতে নিজৰ প্ৰতিভাৰ জৰিয়তে জনপ্ৰিয় হৈ উঠিছিল। মহানায়ক অমিতাভ বচ্চন আৰু আমিৰ খানৰ লগতো অভিনয় কৰিছিল জীয়া খানে।