গুৱাহাটী : নাবালিকা বলাৎকাৰী সমুন্দ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ’বনে ‘বেটী বাচাও’ শ্ল’গানধাৰী (Beti Bachao Slogan) বিজেপি চৰকাৰৰ ? প্ৰশ্ন আম আদমি পাৰ্টিৰ। বলাৎকাৰৰ বলি হোৱা কন্যাৰ ন্যায় নাপাই মাতৃয়ে কৰা আত্মহত্যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক জগৰীয়া কৰিলে আম আদমি পাৰ্টিয়ে।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ কন্যা শিশু, নাবালিকা, যুৱতী আৰু মহিলা তিলমানো সুৰক্ষিত নহয় বুলি অভিযোগ আম আদমি পাৰ্টিৰ। শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ কাটানী গাঁৱত সংঘটিত হোৱা এক নাবালিকাৰ বলাৎকাৰৰ ঘটনাই উদঙাই দিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ কন্যা শিশু, নাবালিকা, যুৱতী আৰু মহিলা নহয়, এক সাংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ আম আদমি পাৰ্টিৰ।

এগৰাকী ১৩ বছৰীয়া কিশোৰীক সমুন্দ্ৰ ৰায় লিম্বু নামৰ বিজেপিৰ গাঁও পঞ্চায়তৰ সভাপতিয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ লগতে বলাৎকাৰ কৰাৰ পাছতো অভিযুক্তজনৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা নোলোৱা কাৰ্যক আম আদমি পাৰ্টিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। আম আদমি পাৰ্টিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে ‘বেটী বাচাও, বেটী পঢ়াও’ৰ দৰে শুনিবলৈ ভাল লগা শ্ল’গান দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰে কৰিবলগীয়া নূন্যতম দায়িত্বখিনিও পালন কৰা নাই।

যোৱা ২১ মাৰ্চতে ভুক্তভোগী পৰিয়ালটোৱে বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। নাবালিকা কন্যাৰ ন্যায় নাপাই মাতৃয়ে ৰঙালী বিহুৰ দিনাই আত্মহত্যা কৰিবলৈ বাধ্য হ’ল। একেখন ঘৰতে দুটাকৈ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছতো বিজেপি চৰকাৰৰ গা লৰা নাই। দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায়ৰ হকে আম আদমি পাৰ্টীয়ে মাত মাতি যাব বুলি কয় দলটোৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই।

ভুক্তভোগী পৰিয়ালটোক চৰকাৰে সাহায্য দিয়াৰ লগতে কিশোৰীগৰাকীৰ ভৰণ-পোষণৰ সমস্ত দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ল’বই লাগিব। অন্যথা আম আদমি পাৰ্টিয়ে ইয়াৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ দিয়ে অনুৰূপা ডেকাৰজাই। সংবাদমেলত মুখপাত্ৰ অনুৰূপা ডেকিৰজাৰ লগতে মহিলা শক্তিৰ সম্পাদিকা মিতালি গগৈ ঢেকিয়াল ফুকন আৰু কামৰূপ মহানগৰ জিলাৰ উপ-সভানেত্ৰী হেপ্পী গগৈও উপস্থিত থাকে।