নিউজ ডেস্ক, ২৮ অক্টোবৰ, ২০২৩ : স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্য্যসূচীৰ চূড়ান্ত পৰ্যায়ত কেন্দ্রীয় চৰকাৰে হাতত লোৱা “মোৰ মাটি মোৰ দেশ” শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাত অসমৰ বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা মাটিৰ কলহ কঢ়িয়াই ৰে’লেৰে নতুন দিল্লীত উপস্থিত হোৱা স্বেচ্ছাসেবক সকলক নতুন দিল্লী ৰে’ল ষ্টেচনত অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই ভব্য আদৰণি জনায়। যোৱা ২৭ অক্টোবৰত গুৱাহাটীৰ পৰা সাত গৰাকী চৰকাৰী বিষয়াৰ তত্বাৱধানত যাত্ৰা কৰা অমৃতকলহ যাত্ৰী সকলক শনিবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত মন্ত্রী বিমল বড়াৰ নেতৃত্বত গায়ন-বায়নৰ এটি দল আৰু বিহু নৃত্য শিল্পীৰ এটি দলে আদৰণি জনায়।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰা আৰু ৰাষ্ট্ৰীয় একতাৰ ভাৱ জাগৃত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশৰ পৰা মাটি সংগ্ৰহ কৰি নতুন দিল্লীৰ কৰ্তব্য পথত থকা বীৰভূমিৰ দাতিত নিৰ্মাণ কৰিব লগা অমৃত উদ্যানত এই মাটি ব্যৱহাৰ কৰা হ’ব। সাংস্কৃতিক মন্ত্রী বিমল বড়াই আদৰণি ভাষণত কয় যে অনাগত দিনত এই অমৃত উদ্যান নিৰ্মাণ হৈ উঠিলে ইয়াক দৰ্শন কৰি যাতে ইয়াত আমাৰো মাটি আছে বুলি দেশৰ প্ৰতিগৰাকী নাগৰিকে উপলব্ধি কৰিব পাৰে, তাৰ বাবেই মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত এইদৰে অমৃত কলহ যাত্ৰাৰ জৰিয়তে সমগ্র ভাৰতবৰ্ষৰ পৰা মাটি সংগ্ৰহ কৰা হৈছে। উল্লেখ্য যে অসমৰ আটাইকেইখন জিলাৰ পৰা ২৭০ টা পিতলৰ কলহত মাটি কঢ়িয়াই ২৭০ গৰাকী স্বেচ্ছাসেবক নতুন দিল্লীত উপস্থিত হৈছে৷ স্বেচ্ছাসেবক সকলক তত্বাৱধান লোৱা সাত গৰাকী বিষয়াৰ লগতে চিকিৎসক তথা আৰক্ষীও আহিছে।

দিল্লীৰ অসম এছ’চিয়েচনৰ সহযোগত অনুষ্ঠিত অমৃত কলহ যাত্ৰীৰ আদৰণি অনুষ্ঠানত যাত্রী সকলক পুষ্প বৃষ্টি কৰাৰ লগতে তত্ত্বাৱধায়ক সকলক পৰম্পৰাগত গামোচাৰে সম্ভাষণ জনোৱা হয়। পাছত যাত্ৰী সকলক বাছেৰে সমূহীয়াকৈ থকাৰ ব্যৱস্থা কৰা স্থানলৈ লৈ যোৱা হয়। অহা ৩১ অক্টোবৰত কৰ্তব্য পথত সমগ্ৰ দেশৰ পৰা মাটি কঢ়িয়াই অনা লোক সকল একত্রিত হ’ব আৰু এই মাটি অমৃত উদ্যানৰ উদ্যেশ্যে অৰ্পণ কৰা হ’ব। ইয়াতে স্বেচ্ছাসেৱক সকলক উদ্যেশ্যি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শনিবাৰে আদৰণি অনুষ্ঠানত মন্ত্রী বিমল বড়াৰ লগতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, নতুন দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত ড০ এম এছ মণিৱন্বন, সাংস্কৃতিক বিভাগৰ সচিব মণিদিপা বৰকটকী, যুটীয়া সচিব ৰাজীৱ থাপা, উপ-সচিবদ্বয় ক্ৰমে নয়না বড়া আৰু অণুৰাগ ফুকনকে ধৰি কেবা গৰাকী বিষয়াৰ লগতে দিল্লীৰ অসমীয়া সমাজৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত আছিল।