গোৱালপাৰা, ৩০ অক্টোবৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। তিনিখন বাহনৰ মাজত হোৱা সংঘর্ষত থিতাতে নিহত হয় ১ জন লোক, আনহাতে চিকিৎসাধীন অৱস্থাত ৩ জনকৈ লোকৰ মৃত্যু হয় (Four Killed In A Road Accident)। দুর্ঘটনাত আহত হোৱা কেইবাজনো লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ। অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে।

গোৱালপাৰা জিলাৰ ধূপধৰাৰ গুলিয়ানপাৰাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। সোমবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুর্ঘটনাত ৪ জনকৈ লোক নিহত হৈছে। ইয়াৰে ১ জন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ৩ জনকৈ লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। ধূপধৰাৰ গুলিয়ানপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা।

পুৱাৰ ভাগত গুলিয়ানপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন আলট্ৰা বাছ, এখন বলেৰ’ আৰু এখন স্কুটীৰ মাজত হোৱা সংঘৰ্ষত ১ জন লোক থিতাতে নিহত হয়। বলেৰ’ বাহনখনৰ চালকজন থিতাতে নিহত হয়। আনহাতে চিকিৎসাধীন অৱস্থাত মৃত্যুৰ মুখত পৰে বলেৰ’ বাহনখনত থকা আন তিনিজন লোক। এই ভয়ংকৰ পথ নিহত হোৱা লোক কেইজন ক্ৰমে আচান আলী, ফুইজুল হক আৰু ছফিউৰ হক৷ আনহাতে এজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

দুর্ঘটনাৰ পিছতে স্থানীয় লোকে আহত সকলক ততাতৈয়াকৈ ৰংজুলি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৰংজুলি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ২ জনৰ মৃত্যু ঘটে। আনহাতে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা অৱস্থাত ১ জন লোক মৃত্যুৰ মুখত পৰে। এই ভয়ংকৰ পথ দুর্ঘটনাত কেইবাজনো লোক আহত হৈছে। গুৰুত্বৰভাৱে আহত সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

দুর্ঘটনাত পতিত হোৱা স্কুটীখনত থকা দুজন লোক গুৰুত্বৰভাৱে আহত হৈছে। আহত লোক দুজন নিত্যানন্দ দাস আৰু মধুমিতা সূত্ৰধৰ বুলি জানিব পৰা গৈছে। দুয়োকে চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। এই ভয়ংকৰ দুর্ঘটনাত ৪ জনকৈ লোক নিহত হোৱাৰ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। আৰক্ষীয়ে ইতিমধ্যে দুর্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।