বিলাসীপাৰা, ৩১ অক্টোবৰ, ২০২৩ : আৰক্ষীৰ গুলীত আহত কুখ্যাত অপৰাধী ছফিকুল ইছলাম (Encounter)। ভৰিত তিনি জাই গুলী লাগিছে ছফিকুল ইছলামৰ। আহত ছফিকুল ইছলামক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। নিশা আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কুখ্যাত অপৰাধী ছফিকুল ইছলাম।

পুনৰ অসম আৰক্ষীৰ গুলী চালনা। অপৰাধীক লক্ষ্য কৰি পুনৰ অসম আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলী লাগি গুৰুত্বৰভাৱে আহত কুখ্যাত অপৰাধী ছফিকুল ইছলাম। আহত ছফিকুল ইছলমাক ভৰ্তি কৰোৱা হৈছে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। সোমবাৰে নিশাৰ ভাগত আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে ছফিকুল ইছলমাক লক্ষ্য কৰি গুলী চালনা কৰে।

ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ গুলী চালনা। প্ৰতিদিনে আৰক্ষীৰ বন্দুক গৰজি উঠিছে। প্ৰতিদিনে আৰক্ষীৰ গুলীত আহত হৈছে অপৰাধী। এইবাৰ ধুবুৰী আৰক্ষীৰ গুলীত অহাত হৈছে এজন কুখ্যাত অপৰাধী। সোমবাৰে নিশাৰ ভাগত ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা। কুখ্যাত অপৰাধী ছফিকুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।

সোমবাৰে বিয়লিৰ ভাগত বিলাসীপাৰাৰ নাথপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে খেদি খেদি মাৰনাস্ত্ৰসহ আটক কৰিছিল দুই কুখ্যাত অপৰাধীক। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে খেদি খেদি মাৰনাস্ত্ৰসহ আটক কৰিছিল মতিয়াৰ ৰহমান আৰু ছফিকুল ইছলাম নামৰ কুখ্যাত অপৰাধী দুজনক। ইয়াৰে মতিয়াৰ ৰহমানৰ ঘৰ চিৰাকুটা দ্বিতীয় খণ্ডত আৰু ছফিকুল ইছলামৰ ঘৰ হাকামাত।

কুখ্যাত অপৰাধী দুজনে দীর্ঘদিন ধৰি বিলাসীপাৰাৰ বিভিন্ন অঞ্চলত অপৰাধমূলক ঘটনাৰ সংঘটিত কৰি সন্ত্ৰাস চলাই আহিছিল। অপৰাধী দুজনৰ বিৰুদ্ধে ৰাইজে কেইবাবাৰো আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও অপৰাধী দুজন আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল। অৱশেষত সোমবাৰে আৰক্ষীয়ে কুখ্যাত অপৰাধী দুজনক জালত পেলাবলৈ সক্ষম হয়।

নিশা চিৰাকুটাৰ বেতবাৰীত অপৰাধী দুজনে অস্ত্ৰ লুকাই ৰখাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অপৰাধী দুজনক লগত লৈ তদন্ত চলাই থকাৰ সময়ত আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে ছফিকুল ইছলমাক লক্ষ্য কৰি গুলী চালনা কৰে। ভৰিত তিনি জাই গুলী লগাত গুৰুত্বৰভাৱে আহত হয় ছফিকুল ইছলাম। ইয়াৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ ছফিকুল ইছলমাক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে।