গুৱাহাটী, ১ নৱেম্বৰ, ২০২৩ : গুৱাহাটী মহানগৰীৰ লালমাটিত নিশা স্পেচিয়েল টাক্স ফৰ্চৰ (Special Tusk Force) অভিযান। স্পেচিয়েল টাক্স ফৰ্চৰ  অভিযানকালত জব্দ বৃহৎ পৰিমাণৰ নকল টকাৰ লগতে নকল টকা বনোৱা মেচিন আৰু নকল টকা বনোৱা বহু সামগ্ৰী। লালমাটিৰ এখন হোটেলত অভিযান চলাই স্পেচিয়েল টাক্স ফৰ্চৰ এটা দলে এজন নকল টকা ব্যৱসায়ীকো আটক কৰে।

স্পেচিয়েল টাক্স ফৰ্চৰ জালত পৰিছে নকল টকাৰ ব্যৱসায়ী চক্ৰৰ লগত জড়িত এজন লোক। মঙলবৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত স্পেচিয়েল টাক্স ফৰ্চৰ এটা দলে মহানগৰীৰ বশিষ্ঠৰ লালমাটিত অঞ্চলত এক অভিযান চলাই নকল টকাসহ এজন লোকক আটক কৰে। লোকজনৰ পৰা স্পেচিয়েল টাক্স ফৰ্চৰ অভিযানকাৰী দলটোৱে বৃহৎ পৰিমাণৰ নকল ৫০০ টকাৰ লগতে নকল টকা বনোৱা মেচিন আৰু নকল টকা বনাবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰে। ধৃত লোকজন শিলচৰৰ পৰা আহি লালমাটি অঞ্চলৰ এখন হোটেলত আশ্ৰয় লৈ নকল টকাৰ ব্যৱসায়ী চলাই আছিল।

ৰাজ্যত ক্ৰমাৎ অধিক সক্ৰিয় হৈ পৰিছে নকল টকা আৰু নকল সোণৰ চক্ৰ। আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই নকল টকা আৰু নকল সোণৰ চক্ৰৰ লগত জড়িত বহু লোকক আটক কৰিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই এই চক্ৰক। পুনৰ বাৰ ৰাজ্যত বৃহৎ পৰিমাণৰ নকল টকাসহ আটক হৈছে এই চক্ৰৰ লগত জড়িত এজন লোক। মহানগৰী গুৱাহাটীৰ পৰাই লোকজনে চলাই আছিল নলক টকাৰ ব্যৱসায়ী। মঙলবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত স্পেচিয়েল টাক্স ফৰ্চৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল টকাসহ এজন লোকক জালত পেলাবলৈ সক্ষম হয়।

নিশা বশিষ্ঠৰ লালমাটি অঞ্চলৰ এখন হোটেলত স্পেচিয়েল টাক্স ফৰ্চৰ দলটোৱে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল ৫০০ টকাৰ লগতে নকল টকা বনোৱা মেচিন আৰু নকল টকা বনাবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰীসহ শিলচৰ নকল টকা ব্যৱসায়ীজনক আটক কৰে। ধৃত শিলচৰৰ নকল টকা ব্যৱসায়ীজনৰ নাম নজৰুল মজুমদাৰ বুলি জানিব পৰা গৈছে। লালমাটি অঞ্চলৰ এখন হোটেলত থাকি লোকজনে দীৰ্ঘদিন ধৰি নকল টকাৰ ব্যৱসায়ী চলাই আছিল বুলি জানিব পৰা গৈছে।

ধৃত লোকজনক অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে। উল্লেখ্য যে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে লখিমপুৰ জিলাৰ পৰা নকল টকা আৰু নকল সোণৰ চক্ৰ চলি থকাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই নকল টকা আৰু নকল সোণৰ চক্ৰটোৰ শিপা বিয়াপিছে। এই চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।