শিলচৰ, ৭ নৱেম্বৰ, ২০২৩ : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) আন এক বৃহৎ সাফল্য। এখন ট্ৰাকৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা। ড্ৰাগছখিনিৰ লগত আটক মণিপুৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীজনক আৰক্ষীৰ জেৰা অব্যাহত।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ মণিপুৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

কাছাৰ জিলাত এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ৯০০ গ্ৰাম হেৰ’ইন জব্দ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে সোমবাৰে লাইলাপুৰত ট্ৰাকখনত তালাচী চলাই এই বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ হে’ৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

লাইলাপুৰত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত ট্ৰাকখনত তালাচী চলাই ট্ৰাকখনত অতি কৌশলেৰে নিৰ্মাণ কৰা গোপন চেম্বাৰৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন। ট্ৰাকখনত অতি কৌশলেৰে নিৰ্মাণ কৰা গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল ৬০ টা চাবোনৰ বাকচত এই বুজন পৰিমাণৰ হে’ৰইনখিনি। ট্ৰাকযোগে হেৰ’ইনখিনি মণিপুৰৰ পৰা আনি কাছাৰ হৈ বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা আছিল। এই বুজন পৰিমাণৰ হে’ৰইনখিনি লগতে আৰক্ষীয়ে মণিপুৰৰ পূব ইম্ফল জিলাৰ খুলক ফৰইবং নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে দুই সম্প্ৰদায়ৰ মাজত চলি থকা গোষ্ঠী সংঘর্ষৰ ফলত মণিপুৰ জ্বলি আছে যদিও মণিপুৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে। লাইলাপুৰ আৰু ধলাই আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছিল।