গুৱাহাটী, ১৩ ডিচেম্বৰ, ২০২৩ : উত্তৰ পূৰ্বাঞ্চলত প্ৰথম আৰু বিৰল শিশু হৃদৰোগৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত। পেটেণ্ট ডাক্টাছ আৰ্টেৰিয়াছাছ (PDA) হৈছে হৃদযন্ত্ৰৰ পৰা যোৱা দুটা প্ৰধান ৰক্তবাহী নলীৰ মাজত থকা এটা স্থায়ী ফুটা। জন্মৰ পৰাই উপস্থিত হৃদযন্ত্ৰৰ সমস্যা। সাধাৰণতে শিশুটি মাতৃৰ গৰ্ভৰ ভিতৰত থাকিলে ৰক্তবাহী নলী দুটাৰ মাজত এটা খোলা থাকে। জন্মৰ কিছু সময়ৰ পিছতে বন্ধ হৈ যায়।

এই গাঁতটো স্থায়ীভাৱে খোলাৰ ফলত বিশেষকৈ ২.৫ কিলোগ্ৰামতকৈ কম ওজনৰ অকালতে জন্ম হোৱা আৰু জন্মৰ সময়ত কম ওজনৰ শিশুৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা সমস্যাৰ সৃষ্টি হয়।পিডিএৰ সাধাৰণ জটিলতাসমূহ হ’ল ওজন হ্ৰাস, হৃদযন্ত্ৰৰ বিকলতা, আন্ত্ৰিক সংক্ৰমণ, খাদ্য খুৱাবলৈ অসুবিধা, ভেণ্টিলেটৰ নিৰ্ভৰশীল শ্বাস-প্ৰশ্বাসজনিত অসুবিধা, উচ্চ হৃদস্পন্দন, সংক্ৰমণ আৰু মৃত্যু। হেল্থ চিটি চিকিৎসালয় গুৱাহাটীত আমেৰিকান নিৰ্মিত বুটাম (PICCOLO ডিভাইচ) ব্যৱহাৰ কৰি কী হোল অস্ত্ৰোপচাৰ কৰি ২ কেজি ওজনৰ যমজ শিশুৰ সফলতাৰে অস্ত্ৰোপচাৰ কৰিছে ডাঃ সৌৰভি দাস আৰু হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞৰ দলটোৱে।

শিশুটি ৬৯০ গ্ৰাম ওজনৰ যমজ সন্তানৰ ভিতৰত দ্বিতীয়টো আছিল আৰু ইয়াৰ ডাক্টাছ আৰ্টেৰিয়াছাছ আছিল স্থায়ী। জন্মৰ পৰাই তেওঁৰ হৃদযন্ত্ৰ বিকলতা আৰু শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ লক্ষণ দেখা গৈছিল। যোৱা ৩ মাহ ধৰি স্থানীয় চিকিৎসালয় এখনত তেওঁক ৰক্ষণশীলভাৱে পৰিচালনা কৰা হৈছিল। যিটো চিকিৎসা বিজ্ঞানত Conservative treatment বুলি কোৱা হয়। স্বাভাৱিক হৃদযন্ত্ৰৰ তেওঁৰ ডাঙৰ যমজ সন্তানটোৰ স্বাভাৱিকভাৱেই ওজন বাঢ়ি আহিছিল আৰু ৬ কিলোগ্ৰাম ওজন হৈছিল, আনহাতে আন শিশুজনৰ ওজন কমি যোৱা, শ্বাস-প্ৰশ্বাসজনিত অসুবিধা, খাদ্য খোৱাত অসুবিধা আৰু হৃদযন্ত্ৰৰ বিকলতাৰ সকলো লক্ষণ দেখা গৈছিল।

যোৱা এমাহ ধৰি ডাঃ সৌৰভি দাসৰ চিকিৎসাধীন হৈ থকাৰ পিছত তেওঁক কী হোল অস্ত্ৰোপচাৰ ব্যৱহাৰ কৰি অস্ত্ৰোপচাৰ কৰি ২৪ ঘণ্টা NICU থকাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হয়। কেঁচুৱাটোৱে এতিয়া ভালদৰে খাদ্য গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে ডিচচাৰ্জৰ পিছত শিশুটিৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। পূব ভাৰতত এতিয়ালৈকে প্ৰায় ৯ টি এনে ধৰনৰ অস্ত্ৰোপ্ৰচাৰৰ সম্পন্ন হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ এইটোৱে প্ৰথমটি এনে কী হোলৰ অস্ত্ৰোপচাৰ কৰা হৈছে।

ভাৰতবৰ্ষৰ প্ৰসিদ্ধ হৃদৰোগ শল্য চিকিৎসক ডাঃ ভৱানন্দ দাসৰ তত্বাৱধানত অসম আৰু উত্তৰ-পূব ভাৰতত এনে উন্নত শিশু হৃদৰোগ বিজ্ঞানৰ হস্তক্ষেপ এতিয়া উপলব্ধ হোৱাটো সঁচাকৈয়ে দেশৰ এই অংশৰ মানুহৰ বাবে এক আশীৰ্বাদ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হেল্থ চিটি হাস্পতালৰ এনেকুৱা জটিল অস্ত্ৰোপ্ৰচাৰৰ সফলতাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, বাংলাদেশ আদিটো আশাৰ সঞ্চাৰ কৰিছে।