গোৱালপাৰা, ১৪ ডিচেম্বৰ, ২০২৩ : গোৱালপাৰা জিলাৰ ৰামপুৰস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰই অহা বছৰ ৰূপালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰিবলৈ ওলোৱাৰ আগমুহূৰ্তত অনুষ্ঠানটোৱে আগন্তুক ‘আণ্ডাৰ দ্য চাল ট্ৰি’ (Under The Saal Tree) নাট মহোৎসৱৰ চতুৰ্দশ সংস্কৰণলৈ নাট, কলা আৰু সংস্কৃতিপ্ৰেমীসকলক আদৰণি জনাইছে। শাল গছেৰে আৱৰা এক নান্দনিক পৰিৱেশত উদযাপন কৰা, আন্তৰ্জাতিকভাৱে প্ৰশংসিত এই উৎসৱটো ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব। কোনো কৃত্ৰিম সঁজুলি অবিহনে, আনকি অভিনেতাসকলৰ কণ্ঠস্বৰ উচ্চ কৰাৰ বাবে মাইক্ৰ’ফোনপৰ্যন্ত ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত এই উৎসৱটো আয়োজন কৰা হয়।
মঞ্চসজ্জা আৰু দৰ্শকৰ বাবে আসন প্ৰস্তুত কৰিবলৈ আয়োজকসকলে কেৱল বাঁহ আৰু খেৰ ব্যৱহাৰ কৰে। অঞ্চলটোৰ অন্যতম সন্মানীয় নাট্যকৰ্মী স্বৰ্গীয় শুক্ৰাচাৰ্য্য ৰাভাই আৰম্ভ কৰা মহোৎসৱটিৰ চতুৰ্দশ সংস্কৰণ উদযাপন কৰাৰ লগতে আৰম্ভণিৰপৰাই কলাৰ এক ৰূপ হিচাপে নাটকৰ ওপৰত নিৰন্তৰভাৱে চলাই অহা পৰীক্ষা-নিৰীক্ষাৰ কষ্টকৰ যাত্ৰাৰ অন্তত ২০২৪ চনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে বাদুংদুপ্পা কলাকেন্দ্ৰ অত্যন্ত আগ্ৰহী হৈ আছে। “এই পথ আমাৰ বাবে কোনোকালেই মসৃণ নাছিল। ইমান দীঘল পথ এটা অতিক্ৰম কৰাতো বৰ সহজ কথা নহয়। অশেষ প্ৰত্যাহ্বানৰ মাজতো আপোনালোকৰ নিষ্কলুষ সমৰ্থনে আমাৰ এই যাত্ৰাক এটি গুৰুত্বপূৰ্ণ তথা স্মৃতিময় মাত্ৰা প্ৰদান কৰিলে। জন্মলগ্নৰ পৰাই নিৰন্তৰ সম্পৰীক্ষা আৰু অভিনৱত্বৰ চৰ্চা কৰি অহা আপোনালোকৰ মৰমৰ বাদুংদুপ্পাই ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে।
অহা বছৰটো আমাৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ। ‘আণ্ডাৰ দা চাল ট্ৰি’ নাট সমাৰোহৰ এই বৰ্ষটো একুৰি পাঁচ বছৰীয়া যাত্ৰা কাল ৰোমন্থনৰ প্ৰাক মুহূৰ্ত্ত। বহুদূৰ আহি অকনমান দৰক দিছোঁ। পাছলৈ ঘুৰি চাইছোঁ। সাজু হৈছোঁ এটা শুভংকৰ ক্ষণলৈ। য’ত আমি একেখন চোতালত সমবেত হৈ আমাৰ সোৱঁৰণীৰ পোহাৰ মেলিম। খেপিয়াই চাম কি পালোঁ, প্ৰাৰ্থনা আৰু শুভ-ইচ্ছাৰ মাজত ৰৈ আহি থকা সময়বোৰৰ বাবে প্ৰস্তুত হয়। সেয়ে, এই বৰ্ষৰ আয়োজন তেনেই সামান্য। যৎকিঞ্চিৎ। আমি মাথো সাজু হৈছো আহি থকা বৰ্ষলৈ। চতুৰ্দশ অধ্যায়ৰ এই নাট সমাৰোহলৈ আপোনালোকক স্বাগতম। ৰূপালী জয়ন্তীৰ প্ৰাকক্ষণত আমি আপোনালোকৰ আশীৰ্বাদ প্ৰত্যাশী। বিগত দশক দুটাত আপোনালোকৰ শুভকামনা আৰু সহযোগিতাই আমাক উঠা-নমাৰ এক দুৰ্গম বাটেৰে আগবাঢ়ি আহিবলৈ অনুপ্ৰেৰণা যোগালে। বাদুংদুপ্পাৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ প্ৰাকমুহূৰ্তত আপোনালোকৰ সমৰ্থন আৰু সদিচ্ছাৰ বাবে আমি কৃতজ্ঞ,” বাদুংদুপ্পা কলাকেন্দ্ৰৰ পৰিচালন সঞ্চালক মদন ৰাভাই কয়।
‘আণ্ডাৰ দ্য চাল ট্ৰি’ নাট মহোৎসৱৰ চতুৰ্দশ সংস্কৰণটি অহা বছৰ হ’বলগীয়া ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাকমুহূৰ্তত আত্ম-মূল্যায়ন আৰু স্মৃতিচাৰণৰ উদ্দেশ্যে কৰা এক স্ব-নিৰীক্ষণমূলক যাত্ৰা হিচাপে আগবঢ়াই নিয়া হ’ব। এই তিনিদিনীয়া মহোৎসৱটিত পাঁচখন নাটক মঞ্চস্থ কৰা হ’ব। উদ্বোধনীৰ দিনা, অৰ্থাৎ ১৫ ডিচেম্বৰ তাৰিখে শুক্ৰাচাৰ্য্য ৰাভাৰ দ্বাৰা পৰিচালিত ‘মাদায়াহ মুচ্চি’ শীৰ্ষক এখন ৰাভা ভাষাৰ নাটক বাদুংদুপ্পা কলাকেন্দ্ৰই পৰিৱেশন কৰিব। আবেলি, চিত্ৰনাট্যকাৰ আৰু পৰিচালক বিদ্যুৎজিৎ চক্ৰৱৰ্তীৰ ‘শ্ৰীজন হোবে কাবে’ নাটকখন আগৰতলাৰ কলাভূমিৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব। ১৬ ডিচেম্বৰৰ দিনা ৰজত দাসৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে পশ্চিম বংগৰ চেনা আধুলীৰ এখন বাংলা নাটক ‘পল কুন্তল’ মঞ্চস্থ কৰা হ’ব। আবেলি, গুৱাহাটীৰ পূৰ্বৰঙ্গই গুণাকৰ দেৱ গোস্বামীৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে ‘ৰত্নাকৰ’ নাটক পৰিৱেশন কৰিব।
১৭ ডিচেম্বৰৰ দিনাখন হাবিব তনৱীৰৰ পৰিচালনাৰে ভূপালৰ নয়া নাটৰ ছত্তীশগড়ী আৰু হিন্দী নাটক ‘চৰন্দাস চোৰ’ পৰিৱেশন কৰা হ’ব। আটাইকেইটা দিনতে, সন্ধিয়া জুইৰ উম লৈ সমজুৱাকৈ নাটকৰ আলোচনা কৰা হ’ব।বাদুংদুপ্পা কলাকেন্দ্ৰৰ সভাপতি শ্বীনা ৰাভা আৰু সম্পাদক লক্ষীকান্ত ৰাভাই এক বিবৃতিযোগে অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় শুক্ৰাচাৰ্য্য ৰাভাই আৰম্ভ কৰা নাট বিপ্লৱ অব্যাহত ৰখাৰ বাবে নাটক, কলা আৰু সংস্কৃতিপ্ৰেমীসকলক ‘আণ্ডাৰ দ্য চাল ট্ৰি’ উৎসৱৰ চতুৰ্দশ সংস্কৰণৰ অংশ হ’বলৈ আহ্বান জনায়। এই মহোৎসৱৰ পূৰ্বৱৰ্তী কিছু সংস্কৰণত দক্ষিণ কোৰিয়া, ব্ৰাজিল, পোলেণ্ড, শ্ৰীলংকা আৰু বাংলাদেশৰ নাট্যদলেও অংশগ্ৰহণ কৰিছিল।
“হাইজিন থিয়েটাৰ”ৰ এই নৱ-প্ৰায়োগিক আন্দোলনৰ নেতৃত্ববহনকাৰী, নাট্যকলাৰ সৈতে জড়িত অঞ্চলটোৰ অন্যতম সন্মানীয় ব্যক্তি স্বৰ্গীয় শুক্ৰাচাৰ্য্য ৰাভাই প্ৰকৃতিৰ সৈতে পাৰস্পৰিক সহজীৱীতামূলক সম্পৰ্ক স্থাপনৰ জৰিয়তে সহ-নিৰ্ভৰশীলতাৰ গুৰুত্ব প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ মাজত পোনপ্ৰথমে এই নাট মহোৎসৱৰ আয়োজন কৰিছিল। ২০০৮ চনৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱটোৱে ‘আন’ক অনুকৰণ কৰাৰ সহজ পৰম্পৰা এৰাই চলি ঔপনিৱেশিক ‘আত্ম/অন্য’ উভয় অৰ্থৰ বিপৰীতমূখী আত্ম-বিশ্লেষণৰ জৰিয়তে বাস্তৱক পুনৰ সংজ্ঞায়িত কৰাৰ ওপৰত বাডুংদুপ্পাই বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। স্বৰ্গীয় ৰাভা আৰু তেওঁৰ নাট্যদল বাদুংদুপ্পা কলাকেন্দ্ৰই ‘আণ্ডাৰ দ্য চাল ট্ৰি’ শীৰ্ষক মুকলি নাট উৎসৱৰ বাবে আন্তৰ্জাতিক স্বীকৃতি অৰ্জন কৰিছে। ২০১৮ চনত শুক্ৰাচাৰ্য্য ৰাভাই ইহসংসাৰ ত্যাগ কৰে। এইবাৰ, এই মহোৎসৱটি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, ইণ্ডিয়ান অইল লিমিটেড কৰ্প’ৰেশ্যন আৰু বঙাইগাঁও শোধনাগাৰৰ সহযোগত অনুষ্ঠিত কৰা হৈছে।