তামুলপুৰ, ১৬ ডিচেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজনকৈ লোক (Wild Elephant Killed Two)। শুকুৰবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই শোকাবহ ঘটনা। সন্ধিয়া গৰু আনিবলৈ যাওঁতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে লোক দুজনক। বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হয় লোক দুজন। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়।

তামুলপুৰত বনৰীয়া হাতীৰ জাকে উপদ্ৰৱৰ চলাই আছে। তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে দুজনকৈ লোক। তামুলপুৰৰ ভাৰত-ভূটান সীমান্ত বৰনদীৰ পাৰত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় দুজনকৈ লোকৰ। নিহত লোক দুজন ক্ৰমে ৰাজেশ তিৰকী আৰু অজয় মিন্স বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সন্ধিয়াৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত ৰাজেশ তিৰকী আৰু অজয় মিন্স নামৰ লোক দুজনৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতীৰ জাকটো। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বিগত কেইবাদিন ধৰি উপদ্ৰৱ চলাই কেইবাখো গাঁৱৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে। তামুলপুৰৰ ঝাজিকোনা, ঢেঁকিপোটা, কচুকাটা, পূৱ কচুকাটা আদি অঞ্চলত বনৰীয়া হাতীৰ জাকটোৱে খেতিপথাৰ বিনষ্ট কৰাৰ লগতে মানুহৰ ঘৰ লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে। এই ক্ষেত্ৰত ৰাইজে বন বিভাগক আহ্বান জনাইও কোনো ধৰণৰ সুফল লাভ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি কয় স্থানীয় ৰাইজে। উল্লেখ্য যে তামুলপুৰত বনৰীয়া হাতী আৰু মানুহৰ মাজত হোৱা সংঘাতৰ ফলত কেইবাজনো লোক নিহত হৈছে। কিছুদিন পূৰ্বে তামুলপুৰৰ ঝাজিকোনাৰ ঢেঁকিপোটাত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে এজন লোকৰ। বনৰীয়া হাতীৰ আক্ৰমণত গৌতম মেধী নামৰ লোকজন গুৰুত্বভাৱে আহত হোৱাত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও লোকজনৰ মৃত্যু হয়। শোণিতপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী দয়ালপুৰৰ ২ নং বালিটিকাত কিছুদিন পূৰ্বে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত এজন লোক নিহত হৈছিল।