গোলাঘাট, ১৯ ডিচেম্বৰ, ২০২৩ : এক নৃশংস হত্যাকাণ্ড। পিতৃয়ে চাৰি বছৰীয়া পুত্ৰক হত্যা কৰাৰ অভিযোগ (Father Killed Son)। বছৰীয়া পুত্ৰক ভৰিৰে গছকি গছকি পিতৃয়ে হত্যা কৰাৰ অভিযোগ। কান্দি থকাৰ বাবেই পিতৃয়ে চাৰি বছৰীয়া পুত্ৰক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
এজন পিতৃৰ বিৰুদ্ধে এক নৃশংস ঘটনা সংঘটিত কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। কান্দি থকাৰ বাবেই নিজ একমাত্ৰ পুত্ৰক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন পিতৃৰ বিৰুদ্ধে। চাৰি বছৰীয়া পুত্ৰ সন্তানক কান্দি থকাৰ বাবেই ভৰিৰে গছকি গছকি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন পিতৃৰ বিৰুদ্ধে। পুত্ৰৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নিজ মাতৃয়ে।
গোলাঘাট জিলাৰ বৰপথাৰত সোমাবাৰে নিশাৰ ভাগত মানৱ সমাজক ভূলুণ্ঠিত কৰা এক নৃশংস ঘটনা সংঘটিত হৈছে। পিতৃয়ে একমাত্ৰ পুত্ৰক ভৰিৰে গছকি গছকি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। চাৰি বছৰীয়া পুত্ৰ অমৃত হাওক পিতৃ প্ৰশান্ত হাওয়ে ভৰিৰে গছকি গছকি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰশান্ত হাওৰ মাতৃয়ে। বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। ওপৰলাংঠা গাঁৱৰ প্ৰশান্ত হাও নামৰ লোকজনে নিশা নিজৰ একমাত্ৰ চাৰি বছৰীয়া পুত্ৰ সন্তান অমৃত হাওক ভৰিৰে গছকি গছকি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
নিশা নিজ গৃহতে তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত প্ৰশান্ত হাওৰ মাতৃয়ে প্ৰত্যক্ষ কৰে চাৰি বছৰীয়া অমৃত হাওৰ মৃতদেহ। প্ৰশান্ত হাওৰ মাতৃৰ মাতৃৰ অভিযোগ অনুসৰি চাৰি বছৰীয়া অমৃত হাও নিশা কান্দি থকাৰ বাবেই পিতৃ প্ৰশান্ত হাওয়ে ভৰিৰে গছকি গছকি হত্যা কৰে। নিশা ঘৰত কোনো নথকা অৱস্থাত প্ৰশান্ত হাওৱে এই নৃশংস ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰশান্ত হাওৰ মাতৃয়ে। চাৰি বছৰীয়া অমৃত হাওক হত্যা কৰাৰ পিছত পিতৃয়ে নিজ গৃহৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতিবলৈ চেষ্টা কৰিছিল বুলিও অভিযোগ কৰে।
এই নৃশংস ঘটনা সন্দৰ্ভত এজন যুৱকে গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ বৰপথাৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ খবৰ পাই ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে প্ৰশান্ত হাওক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। এই নৃশংস ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।