গুৱাহাটী, ১৯ ডিচেম্বৰ, ২০২৩ : মহানগৰী গুৱাহাটীত নাহৰফুটুকী বাঘৰ আতংক। মহানগৰীত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত এজন যুৱক। পুৱাৰ ভাগতে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি এজন যুৱকক আক্ৰমণ কৰে নাহৰফুটুকী বাঘটোৱে (Leopard)। আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ। বন বিভাগে বহু সময় ধৰি প্ৰচেষ্টা চলাই নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়।
ৰাজ্যত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত অব্যাহত আছে। প্ৰতিদিনে এই সংঘাত চলি থকা বুলি কলেও ভুল নহ’ব। উজনিৰ পৰা নামনিলৈকে বিভিন্ন প্ৰান্তত হাতী আৰু মানুহৰ এই সংঘাতৰ ফলত প্ৰাণ হেৰুৱাইছে বহু লোকে, মৃত্যুৰ মুখত পৰিছে বহু বনৰীয়া হাতী। বনাঞ্চল ধ্বংসৰ ফলতে ৰাজ্যত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।
এইবাৰ মহানগৰী গুৱাহাটী মাজমজিয়াত সংঘটিত হৈছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত। বনাঞ্চলৰ পৰা ওলাই অহা এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হৈছে এজন যুৱক। মহানগৰীৰ ফটাশিল অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মঙলবাৰে পুৱাৰ ভাগতে এটা নাহৰফুটুকী বাঘে ফটাশিল অঞ্চলত সৃষ্টি কৰে এক আতংকময় পৰিস্থিতিৰ।
পুৱাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ ফটাশিল অঞ্চলৰ গৌৰী শৰ্মা কলনীৰ এটা অৱসগৃহত প্ৰৱেশ কৰে। নাহৰফুটুকী বাঘটোৱে অৱসগৃহটোৰ এজন যুৱকক আক্ৰমণ কৰাত যুৱকজন গুৰুত্বৰভাৱে আহত হয়। নাহৰফুটুকী বাঘটোৰ আক্ৰমণত যুৱকজন মূৰ, ডিঙি আৰু আঁঠুত আঘাতপ্ৰাপ্ত হয়। যুৱকজন কোনো মতে পলায়ন কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱসগৃহটোত নাহৰফুটুকী বাঘটোৱে প্ৰৱেশ কৰাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ।
ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ আৰু বন বিভাগৰ লোক উপস্থিত হয়। বন বিভাগৰ লোকে দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই অৱশেষত নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ নিয়ে। দুজন বন কর্মীও নাহৰফুটুকী বাঘটোৰ আক্ৰমণৰ আহত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ফটাশিল অঞ্চলত কেইবাবাৰো নাহৰফুটুকী বাঘে আতংকৰ সৃষ্টি কৰিছিল। কিছুদিন পূৰ্বে গণেশপাৰা অঞ্চলত দুটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰে এটা নাহৰফুটুকী বাঘৰ ভৰি বান্ধি ৰখা অৱস্থাত উদ্ধাৰ হৈছিল।