গোৱালপাৰা, ২০ ডিচেম্বৰ, ২০২৩ : আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰী (Wife and Husband Caught With Drugs)। ভাড়া ঘৰৰ পৰাই ড্ৰাগছৰ বেহা চলাই আছিল স্বামী-স্ত্ৰী। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ অভিযানত জালত পৰিল ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰী। দীর্ঘদিন ধৰি চলাই আছিল ড্ৰাগছৰ ৰমৰমিয়া ব্যৱসায়ী। অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছৰ সৰবৰাহৰ আৰু ড্ৰাগছৰ ব্যৱসায় চলাই আছে। কৌশল সলনি কৰি ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰখাৰ বিপৰীতে ড্ৰাগছ ব্যৱসায়ী সকলে আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে ড্ৰাগছৰ ৰমৰমিয়া বেহা।
আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ বেহা চলাই পুনৰ দুজন পৰিল আৰক্ষীৰ জালত।

এইবাৰ গোৱালপাৰাত আটক হৈছে ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰী। গোৱালপাৰা টুকুৰাত ড্ৰাগছৰ বিৰুদ্ধে চলা এক অভিযানত জালত পৰে দুয়ো। ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰীৰ পৰা জব্দ হয় ১৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। জালত পৰা ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰী দুয়ো ক্ৰমে আহিনুৰ ইছলাম আৰু আচমা বিবি।
বুধবাৰে পুৱাৰ ভাগত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ টুকুৰাত ড্ৰাগছৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু আগিয়া আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

এই ড্ৰাগছ বিৰোধী অভিযানত টুকুৰাৰ সৰগপাৰাৰ পৰা এগৰাকী মহিলা আৰু এজন লোকক আটক কৰাৰ লগতে ১৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰা হয়। উল্লেখ্য যে, গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰা সৰগপাৰাত দীৰ্ঘদিন ধৰি ভাড়া ঘৰত থাকি স্বামী-স্ত্ৰী দুয়ো ড্ৰাগছৰ ব্যৱসায়ী চলাই আহিছিল। সৰগপাৰাৰ স্থানীয় ৰাইজে স্বামী-স্ত্ৰী দুয়ো ড্ৰাগছৰ ব্যৱসায় কৰি থকা লক্ষ্য কৰি আহিছিল যদিও কোনো প্ৰমাণ নথকাত ৰাইজে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল।

অৱশেষত বুধবাৰে পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত স্থানীয় ৰাইজ আৰু আগিয়া আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰীক। দীৰ্ঘদিন ধৰি টুকুৰা সৰগপাৰাত যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল দুয়ো স্বামী-স্ত্ৰী। বৰ্তমান আগিয়া আৰক্ষী থানাত দুয়ো স্বামী-স্ত্ৰীক ৰাখি অধিক তথ্য বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।