কাজিৰঙা, ২২ ডিচেম্বৰ, ২০২৩ : বিতৰ্কত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক (Superintendent Of Police) ৰাজেন সিঙ। ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে। হাতী চাফাৰীৰ বাবে আসন দিব নোৱৰাৰ বাবেই এগৰাকী বন বিষয়াক আটক কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে।

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে অসম আৰক্ষীৰ সংস্কাৰৰ কথা কৈ আছে সেই সময়তে একাংশ আৰক্ষীৰ লোকে খাকি পোছাকত দাগ লগাই কলংকিত কৰি আছে অসম আৰক্ষীক। কেতিয়াবা যদি উৎকোচ লৈ জালত পৰিছে আৰক্ষীৰ লোক, কেতিয়াবা আকৌ বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাৰ লগত নাম সাঙোৰ খাইছে আৰক্ষী বিভাগত কৰ্মৰত একাংশ লোকৰ। এইবাৰ এগৰাকী আৰক্ষী অধীক্ষকে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজনে সিঙৰ বিৰুদ্ধে উত্থাপন হৈছে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ। কাজৰিঙ ৰাষ্ট্রীয় উদ্যানত হাতী চাফাৰীৰ বাবে আসন দিব নোৱাৰাৰ বাবেই এগৰাকী বন বিষয়াক গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজনে সিঙে বন বিষয়া গৰাকীক ধমক দিয়াৰ লগতে আটক কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী অধীক্ষক ৰাজনে সিঙৰ নিৰ্দেশত বৃহস্পতিবাৰে নিশা ১১ বজাত কঁহৰা আৰক্ষীয়ে বন বিষয়া তৰুণ গগৈক আটক কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজনে সিঙে বন বিষয়া তৰুণ গগৈৰ পৰা আত্মীয়ৰ বাবে পাঁচ টাকৈ হাতী চাফাৰীৰ আসন বিচাৰিছিল কিন্তু বন বিষয়া তৰুণ গগৈক আসন দিব নোৱাৰাৰ বাবে আৰক্ষী অধীক্ষক গৰাকীয়ে ফোনযোগে বন বিষয়া গৰাকীক ধমক দিয়া আৰু কঁহৰা আৰক্ষীৰ জৰিয়তে আটক কৰে। নিশা ১১ বজাত বন বিষয়া গৰাকীক কঁহৰা আৰক্ষীয়ে আটক কৰি চাৰি ঘণ্টা ধৰি থানাত ৰাখে। পৰৱৰ্তী সময়ত গোলাঘাট জিলা উপায়ুক্তৰ হস্তক্ষেপত বন বিষয়া তৰুণ গগৈক ঘৰলৈ যাব দিয়া হয়।

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বন বিষয়া তৰুণ গগৈয়ে কয় যে এই ঘটনাই তেওঁৰ মনত যথেষ্ট কষ্ট দিছে। তেওঁ মানসিকভাৱে ভাঙি পৰিছে। হাতী চাফাৰীৰ বাবে আসন দিব নোৱাৰাৰ বাবে এগৰাকী বন বিষয়াক এইদৰে আৰক্ষী অধীক্ষক ৰাজনে সিঙে নিৰ্যাতন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আৰক্ষী অধীক্ষক গৰাকীয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলিও একাংশ ৰাইজে অভিযোগ উত্থাপন কৰি এই ঘটনাক গৰিহণা দিছে।