গুৱাহাটী, ৭ ফেব্ৰুৱাৰী, ২০২৪ : দুখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ। এই পথ দুর্ঘটনাত থিতাতে নিহত দুজন লোক (Two Killed In A Road Accident)। নিহত দুয়ো সম্পৰ্কত ভিনিয়েক-খুলশালি। আনহাতে আহত দুজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিশা ১২ মান বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা।

এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হৈছে ভিনিয়েক-খুলশালি। দুখন মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় ভিনিয়েক-খুলশালি। মঙলবাৰে নিশা ১২ মান বজাত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুর্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় আন দুজন লোক।

আহত দুয়োকে সংকটজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়।হাস্পতালত ভৰ্তি কৰে। আহত লোক দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। আনহাতে থিতাতে নিহত হোৱা লোক দুজন হৈছে ৰাকেশ দাস আৰু প্ৰমেশ্বৰ ডেকা। নিহত ৰাকেশ দাস আৰু প্ৰমেশ্বৰ ডেকা সম্পৰ্কত ভিনিয়েক-খুলশালি। দুয়ো গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত ভাড়া ঘৰত থাকি এটা ঔষধ কোম্পানীত কাম কৰি আছিল বুলি জানিব পৰা গৈছে।

একেটা ঔষধ কোম্পানীত কৰ্মৰত আছিল নিহত ৰাকেশ দাস আৰু প্ৰমেশ্বৰ ডেকা। মঙলবাৰে নিশা কৰ্মস্থলীৰ পৰা মটৰ চাইকেলেৰে শিলপুখুৰীস্থিত ভাড়া ঘৰলৈ গৈ থকা অৱস্থাত বি বৰুৱা মহাবিদ্যালয়ৰ সমীপৰ উৰণীয়া সেঁতুত আন এখন মটৰ চাইকেলৰ লগত মুখামুখি সংঘৰ্ষ হয়। ফলত ৰাকেশ দাস আৰু প্ৰমেশ্বৰ ডেকা থিতাতে নিহত হোৱাৰ লগতে দুজন লোক গুৰুত্বৰভাৱে আহত হয়। আহত লোক দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

দুর্ঘটনাৰ খবৰ পাই ভঙাগড় আৰক্ষী দুর্ঘটনাস্থলীত উপস্থিত হৈ আহত লোক দুজনক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়।হাস্পতাল লৈ প্ৰেৰণ কৰে। আনহাতে ৰাকেশ দাস আৰু প্ৰমেশ্বৰ ডেকাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। দুর্ঘটনাত পতিত হোৱা মটৰ চাইকেল দুখন নম্বৰ হৈছে এএছ-০৭-এইচ-৫২৬৬ আৰু এএছ-০১-বিডব্লিউ-২০৭০।