গুৱাহাটী, ১৯ জুন, ২০২৪ : অসমৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী ব্যক্তি, পৰিৱেশ সংৰক্ষণকাৰী সংগঠনলৈ বঁটা। গুৱাহাটীৰ‌ ‘মেঘমল্লাৰ আৰ্ট ফাউণ্ডেছনে’ (Meghmallar Art Foundation) ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ ‘সেউজ সন্ধান’ বঁটাৰ বাবে নিৰ্বাচিত হোৱা প্ৰকৃতিপ্ৰেমী সংগঠন, প্ৰতিষ্ঠান আৰু ব্যক্তিৰ নাম। প্ৰকৃতিৰ সুৰক্ষাৰ হকে নিৰলস কৰ্মযজ্ঞ চলাই থকা ১৫ গৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি, সংগঠনক অহা ২২ জুনত গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱত প্ৰদান কৰা হ’ব ‘সেউজ সন্ধান বঁটা’।

বঁটা প্ৰাপকসকল হৈছে যাদৱ পায়েঙ, পূৰ্ণিমা দেৱী বৰ্মন, আৰণ্যক, বালিপাৰা ফাউণ্ডেছন, ড০ আব্দুল ৱাকিদ, এল ৰাইনো, অক্ষৰ ফাউণ্ডেছন, গছ বিহু, প্ৰণয় বৰদলৈ, মুবিনা আখতাৰ, কিশোৰ চৌধুৰী, প্ৰদীপ ভূঞা, দেৱজিৎ মৰাণ আৰু দ্য মিড ৱে‌ জাৰ্ণি। প্ৰয়াত ব্ৰহ্মানন্দ পাতিৰিক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটা প্ৰদান অনুষ্ঠানৰ ইভেণ্ট পাৰ্টনাৰ হৈছে ৱেকফি। উল্লেখ্য যে, মেঘমল্লাৰ আৰ্ট ফাউণ্ডেছনে পৰিৱেশ সুৰক্ষাৰ সবল বাণীৰে বিশিষ্ট চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰাৰ পৰিচালনাৰে শেহতীয়াকৈ নিৰ্মাণ কৰিছে ‘সেউজ সন্ধান’ নামৰ এখন অসমীয়া চিনেমা।

শেহতীয়াকৈ জ্যোতি চিত্ৰবনত চলচিত্ৰ নিৰ্মাতা ৰীমা দাস আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পৰিচালক মঞ্জু বৰা‌ আৰু মেঘমল্লাৰ আৰ্ট ফাউণ্ডেছনৰ ন্যাসৰক্ষীসকলে চিনেমাখনৰ পোষ্টাৰো মুকলি কৰিছে। ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত পৰিৱেশ সজাগতামূলক চিনেমাখনৰ বঁটা প্ৰাপকসকলৰ বাবে বিশেষ দৰ্শনী অনুষ্ঠিত হ’ব।