নিউজ ডেস্ক, ৩১ অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ২৭ অক্টোবৰ, ২০২৬ তাৰিখে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলোজি, ৰুৰকীৰ সৈতে “ৰে’লৱেৰ ষ্টীল সেতুসমূহৰ ৰেছিডুৱেল ফ্যাটিগ লাইফৰ মূল্যায়নসহ ফাট চিনাক্তকৰণৰ হাইব্ৰিড পদ্ধতিৰ বিকাশ” শীৰ্ষক এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে পৰম্পৰাগত নিৰীক্ষণ কৌশল, অবিনাশী মূল্যায়ন, কৃত্ৰিম বুদ্ধিমত্তা, সামগ্ৰী পৰীক্ষণ আৰু সেতুৰ উন্নত গাঁথনিগত দিশসমূহৰ বিশ্লেষণৰ সমন্বয়েৰে পুৰণি ষ্টীল সেতুসমূহৰ বৈজ্ঞানিক মূল্যায়ন ব্যৱস্থা অধিক শক্তিশালী কৰি তোলে।

ভাৰতীয় ৰে’লৱেৰ বিভিন্ন প্ৰান্তত থকা পুৰণি ষ্টীল সেতুসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰে। বিশেষকৈ এই ৰে’লৱেৰ অধীনত এনেধৰণৰ বহুকেইখন সেতুৱে ৫০ বছৰতকৈও অধিক সময় ধৰি সেৱা আগবঢ়াই আহিছে। ৰে’লৰ গতিবেগ বৃদ্ধি, অধিক ওজনৰ সামগ্ৰী পৰিবহণ আৰু সঘনাই ৰে’ল চলাচলৰ পৰিণামস্বৰূপে সেতুসমূহৰ দুৰ্বল স্থিতি বিশ্লেষণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। সেইবাবে আইআইটি ৰুৰকীয়ে এই সেতুসমূহৰ সমগ্ৰ ৱেল্ডিং জইন্ট, হ’ল্ড আৰু অন্যান্য দুৰ্বল অংশৰ বিস্তৃত অধ্যয়ন কৰিব। ৰে’লৱেৰ নিৰ্ধাৰিত মানদণ্ড অনুসৰি নিয়মীয়া নিৰীক্ষণ কৰা হয় যদিও পৰম্পৰাগতভাৱে দৃশ্যমান পৰীক্ষণ আৰু নিৰীক্ষণ পদ্ধতিৰ দ্বাৰা অতি সৰু বা ভিতৰত লুকাই থকা ফাটসমূহ সদায় চিনাক্ত কৰাটো সম্ভৱ নহ’বও পাৰে। এই প্ৰকল্পৰ জৰিয়তে দৃশ্যমান পৰিদৰ্শন, উন্নত পৰীক্ষণ আৰু এআই আধাৰিত প্ৰযুক্তিৰ সমন্বয়েৰে বৰ্তমানৰ পৰিদৰ্শন ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

এই প্ৰকল্পটোৱে দুটা মূল দিশত গুৰুত্ব আৰোপ কৰিব-সেতুসমূহত থকা ফাটসমূহ উন্নত পদ্ধতিৰে চিনাক্ত কৰি ষ্টীল সেতুসমূহৰ কাৰ্যক্ষমতাৰ অৱশিষ্ট সময় কালৰ মূল্যায়ন কৰা। পৰিদৰ্শনৰ সময়ত সংগ্ৰহ কৰা হাই ৰিজ’লিউচন ছবিসমূহ প্ৰজেক্ট টীমৰ দ্বাৰা বিকশিত ইনফ্ৰা ডকটি নামৰ এআই ভিত্তিক সঁজুলিৰ সহায়ত বিশ্লেষণ কৰা হ’ব, যাতে ফাট তথা ক্ষয়-ক্ষতিৰ অন্যান্য লক্ষণসমূহ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰিব পৰা যায়। এই তথ্যসমূহ উপযুক্ত অবিনাশী মূল্যায়ন কৌশলৰ সৈতে সংযুক্ত কৰি ইয়াৰ জৰিয়তে সেতুৰ গাঁথনিটোৰ কোনো ক্ষতি নকৰাকৈ ত্ৰুটিসমূহ চিনাক্ত কৰিব পৰা যাব। ইয়াৰ উপৰি কম্পিউটাৰভিত্তিক মডেলিং আৰু পৰীক্ষাগাৰৰ পৰীক্ষণৰ জৰিয়তে ষ্টীল ট্ৰাছ আৰু গাৰ্ডাৰ সেতুৰ দুৰ্বল অংশসমূহ চিনাক্ত কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ ষ্টীল তথা ৱেল্ডিং জয়েন্টসমূহে সঘনাই লোডিঙৰ প্ৰতি কেনেদৰে সঁহাৰি জনাব, সেয়া অধ্যয়ন কৰিব। আনহাতে ড্ৰোনত সংস্থাপিত ৪ কে কেমেৰা ব্যৱহাৰ কৰি সংগ্ৰহ কৰা হাই-ৰিজ’লিউচনৰ ছবিসমূহো ব্যৱহাৰ কৰা হ’ব।

এই পৰিদৰ্শন আৰু বিভিন্ন যন্ত্ৰ পাতিৰ পৰা সংগ্ৰহ কৰা তথ্যসমূহৰ সহায়ত কম্পিউটাৰভিত্তিক মডেলসমূহৰ সত্যতা নিৰীক্ষণ কৰা হ’ব লগতে নিৰ্বাচিত সেতুসমূহৰ অৱশিষ্ট দুৰ্বল সময়কালৰ মূল্যায়ন কৰা হ’ব। পৰীক্ষাগাৰত কৰা পৰীক্ষণসমূহত ষ্টীলৰ ক্ষমতা আৰু দুৰ্বল আচৰণ, ইয়াৰ বেছ মেটেৰিয়েল, ৱেল্ডেড জয়েন্ট আৰু ৱেল্ডিং প্ৰক্ৰিয়াৰ ফলত প্ৰভাৱিত হোৱা অংশসমূহৰ পৰীক্ষণ কৰা হ’ব। ক্ষয়, উষ্ণতাৰ পৰিৱৰ্তন, আৰ্দ্ৰতা আৰু সঘনাই হোৱা লোডিঙৰ ফলত ত্ৰুটিৰ সৃষ্টি আৰু প্ৰসাৰত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে, সেয়াও অধ্যয়ন কৰা হ’ব। এই অধ্যয়নৰ ফলাফলৰ ভিত্তিত সঘনাই হোৱা লোডিঙৰ পৰিণামস্বৰূপে সেতুৰ বিভিন্ন অংশৰ দুৰ্বল অৱশিষ্ট সময়সীমা, অৰ্থাৎ বাকী থকা কাৰ্যক্ষমতাৰ আয়ুস অনুমান কৰাৰ বাবে এক বৈজ্ঞানিক আৰ্হি প্ৰস্তুত কৰা হ’ব। ইয়াৰ ফলত পুৰণি আৰু ক্ষয়প্ৰাপ্ত ষ্টীলৰ গাঁথনিসমূহৰ অবিৰত ব্যৱহাৰৰ ফলত কেনেধৰণৰ সঁহাৰি প্ৰাপ্ত কৰিব পাৰি, সেই বিষয়ে অধিক স্পষ্ট ধাৰণা লাভ কৰিব পৰা যাব।

এই প্ৰকল্পৰ আন এটা লক্ষ্য হৈছে তাৎক্ষণিকভাৱে দুৰ্বল ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে সতৰ্কবাণীভিত্তিক সিদ্ধান্ত গ্ৰহণ ব্যৱস্থাসহ এক বাস্তৱ-সময়ৰ মূল্যায়ন ব্যৱস্থা বিকশিত কৰা। নিৰীক্ষণৰ ফলাফল, পৰীক্ষাগাৰৰ তথ্য আৰু সেতুৰ পৰা সংগ্ৰহ কৰা তথ্যৰ সমন্বয়েৰে এই পদ্ধতিয়ে ক্ৰমান্বয়ে বৃদ্ধি পোৱা ক্ষতিৰ মূল্যায়ন কৰাত সহায় কৰাৰ লগতে সময়মতে ৰক্ষণাবেক্ষণৰ সিদ্ধান্ত গ্ৰহণৰ বাবে সতৰ্কবাণী প্ৰদান কৰিব। ইয়াৰ ফলত ৰে’লৱে কৰ্তৃপক্ষই দুৰ্বল অংশসমূহ চিনাক্ত কৰি পৰিদৰ্শনৰ অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰাৰ লগতে অধিক ফলপ্ৰসূ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা প্ৰস্তুত কৰাত সহায় লাভ কৰিব বুলি আশা কৰা হৈছে। আইআইটি ৰুৰকীৰ সৈতে এই সহযোগিতাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই গৱেষণা, এআই ভিত্তিক প্ৰযুক্তি আৰু বৈজ্ঞানিক মূল্যায়নৰ জৰিয়তে সেতুৰ পৰিদৰ্শন আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈছে। এই পদক্ষেপে বৰ্তমানৰ পৰিদৰ্শন ব্যৱস্থাক অধিক উন্নত কৰাৰ লগতে ত্ৰুটিসমূহ আগতীয়া চিনাক্তকৰণ তথা ষ্টীল সেতুসমূহৰ স্থিতিৰ লগতে কাৰ্যক্ষমতাৰ অৱশিষ্ট সময়সীমাৰ উন্নত মূল্যায়নত সহায় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত ৰে’লৱেৰ আন্তঃগাঁথনিৰ দীৰ্ঘম্যাদী নিৰ্ভৰযোগ্যতা আৰু সুৰক্ষা অধিক সুদৃঢ় হৈ উঠিব।