গুৱাহাটী, ২২ জুন, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৯ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Nineteen District Under Flood Water)। কামৰূপ, তামুলপুৰ, হাইলাকান্দি, ওদালগুৰি, হোজাই, ধুবুৰী, বৰপেটা, বিশ্বনাথ, নলবাৰী, বঙাইগাঁও, বাক্সা, কৰিমগঞ্জ, দক্ষিণ শালমাৰা, গোৱালপাৰা, দৰং, বজালী, নগাঁও, কাছাৰ আৰু কামৰূপ মহানগৰত তাণ্ডৱলীলা চলাইছে বানে।

কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী মহানগৰীৰ লগতে জিলাখনৰ বহু অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। বানৰ ফলত বর্তমানলৈকে প্ৰভাৱিত হৈছে ৰাজ্যৰ ৩ লাখ ৯০ হাজাৰ ৪৯১ জন লোক। বানৰ ফলত সর্বসাধিক লোক প্ৰভাৱিত হৈছে কৰিমগঞ্জ, দৰং আৰু তমুলপুৰ জিলাত। কৰিমগঞ্জ জিলাত ২ লাখ ৪৭৭ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ৰাজ্যৰ ৪৩৪৭.৮৬ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত। বানৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত। বিশেষকৈ কৰিমগঞ্জ, দৰং আৰু তামুলপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে বাঢ়নী পানীত।

বহু ঠাইত মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। মাথাউৰি ছিঙি যোৱা অঞ্চল সমূহত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে। নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত হাজাৰ হাজাৰ লোকে লোকে। ইফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ১৯ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে।

ইফালে পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে নলবাৰী জিলাৰ বিস্তীৰ্ণ অঞ্চলত। নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰী চহৰখনো কৃত্ৰিম বানৰ কবলত পৰিছে। নলবাৰীৰ বহু গাঁও বুৰ গৈছে বাঢ়নী পানীৰ তলত। চৰকাৰী তথ্য অনুসৰি বান প্ৰভাৱিত জিলা কেইখন হৈছে কামৰূপ, তামুলপুৰ, হাইলাকান্দি, ওদালগুৰি, হোজাই, ধুবুৰী, বৰপেটা, বিশ্বনাথ, নলবাৰী, বঙাইগাঁও, বাক্সা, কৰিমগঞ্জ, দক্ষিণ শালমাৰা, গোৱালপাৰা, দৰং, বজালী, নগাঁও, কাছাৰ আৰু কামৰূপ মহানগৰ। ইফালে নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত ডুব গৈছে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে মহানগৰী গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল।

ৰাজ্যৰ বান প্ৰভাৱিত জিলা কেইখনৰ ৫০ টা ৰাজহ চক্ৰৰ ১৩২৫ খনকৈ গাঁও বাঢ়নী পানীতৰ তলত আছে। বর্তমানলৈকে ৩ লাখ ৯০ হাজাৰ ৪৯১ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ইয়াৰে সর্বসাধিক ২ লাখ ৪৭৭ জন কৰিমগঞ্জ জিলাৰ। আনহাতে ৪৩৪৭.৮৬ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত আছে। বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যত বৰ্তমানলৈকে ২৭ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছে আৰু কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত কিছুদিন ৰাজ্যত বৰষুণৰ ধাৰা অব্যৱত থাকিব। ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা আছে।