গুৱাহাটী, ২৩ জুন, ২০২৪ : আমাৰ স্বাস্থ্য আৰু পৰিৱেশৰ হকে খোজকঢ়াৰ স্বাস্থ্যসন্মত অভ্যাস প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি দেওবাৰে (২৩ জুন) ৰেডিচন ব্লু গুৱাহাটীত এক ৱাকাথনৰ (Walkathon) আয়োজন কৰা হয়। ৰেডিচন ব্লু হোটেলৰ সমূহ সদস্য আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক একত্ৰিত কৰি ৰেডিচন ইণ্ডিয়া চেৰিটেবল ফাউণ্ডেশ্যনৰ বাবে ধন সংগ্ৰহ কৰাৰ উদ্দেশ্যে ৰেডিচন হোটেল গ্ৰুপ চাউথ এছিয়াই ২১-২৩ জুনত সমগ্ৰ ভাৰতত ‘ৱাকাথন-ৱাক টুগেদাৰ ফৰ এ কজ’ৰ আয়োজন কৰে।

ৰেডিচন ব্লু গুৱাহাটীয়ে দেওবাৰে (২৩ জুন) ৱাকাথন আয়োজনৰ উদ্যোগ গ্ৰহণ কৰে। “আমাৰ লক্ষ্য আৰু দৃষ্টিভংগী হৈছে ৰেডিচন ইণ্ডিয়া চেৰিটেবল ফাউণ্ডেচনৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ সমান্তৰালকৈ সেউজ সচলতা, স্বাস্থ্য আৰু কল্যাণৰ প্ৰচাৰ কৰা। ইয়াৰ উপৰিও, আমি এক শক্তিশালী সম্প্ৰদায় গঢ়ি তুলিব বিচাৰিছিলোঁ আৰুতোলাৰ লগতে সকলো অংশগ্ৰহণকাৰীৰ বাবে এক উপভোগ্য অনুষ্ঠান সৃষ্টি কৰিব বিচাৰিছিলোঁ।অনুষ্ঠানটোৱে দলৰ সদস্যসকলক এক স্বাস্থ্যকৰ জীৱনশৈলী আৰু বহনক্ষম অনুশীলনৰ প্ৰচাৰৰ সুযোগ প্ৰদান কৰে। সকলোৰে এনে উৎসাহী অংশগ্ৰহণ দেখি আমি আনন্দ লাভ কৰিছোঁ আৰু আমাৰ সমাজ তথা পৰিৱেশ উভয়কে উপকৃত কৰা এটি কামত অৰিহণা যোগাবলৈ পাই আমি অতি সুখী হৈছোঁ।” ৰেডিচন ব্লু গুৱাহাটীৰ পৰিচালক অংকুৰ মেহৰোত্ৰাই কয়।

এই ৱাকাথনত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে ৰাতিপুৱা ৰেডিছন ব্লু হোটেলত ২০০ ৰো অধিক লোক সমবেত হয়। ফ্লেগ অফৰ পূৰ্বে শৰীৰ আৰু মন সতেজ কৰি ল’বলৈ সকলোৱে এক উৎসাহপূৰ্ণ জুম্বা অধিবেশনত অংশগ্ৰহণ কৰে। ফ্লেগ অফৰ পিছত ৰেডিচন ব্লুৰ পৰা ৪ কিলোমিটাৰজোৰা পথ সামৰি ৱাকাথনটো পুনৰ হোটেললৈ উভতি আহে। অংশগ্ৰহণকাৰীসকলৰ বাবে ব্ৰেকফাষ্টৰ সৈতে সৰু মিট-এণ্ড-গ্ৰিট অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰোপৰি, ৰেডিচন ব্লু গুৱাহাটীৰ তৰফৰপৰা প্ৰমাণ পত্ৰও প্ৰদান কৰা হয়।