কোকৰাঝাৰ, ২৫ জুন, ২০২৪ : ড্ৰাগছ সেৱনৰ (Drugs Addiction) ভয়াবহ পৰিনাম। ড্ৰাগছৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গ’ল এগৰাকী মাতৃৰ। ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবে মাতৃক অতি নৃশংসভাৱে হত্যা কৰিলে পুত্ৰই। টি-টেবুলেৰে মাতৃক আক্ৰমণ কৰি হত্যা কৰিলে ড্ৰাগছ আসক্ত পুত্ৰই। ইতিমধ্যে মাতৃক অতি নৃশংসভাৱে হত্যা কৰা ড্ৰাগছ আসক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

পুনৰবাৰ ড্ৰাগছৰ প্ৰচলনৰ এক ভয়াবহ পৰিনাম সংঘটিত হৈছে ৰাজ্যত। যুৱ প্ৰজন্মক কোঙা কৰি পেলোৱা ড্ৰাগছে সমাজখনৰ ওপৰতো ভয়ংকৰ প্ৰভাৱ পেলাইছে। ড্ৰাগছৰ প্ৰচলনৰ বাবে প্ৰতিদিনে সংঘটিত হৈ আছে অপৰাধজনীত ঘটনা। ড্ৰাগছ সেৱনকাৰী বহু লোক ড্ৰাগছ কিনাৰ বাবে বিভিন্ন সময়ত অপৰাধমূলক ঘটনাৰ লগত জড়িত হৈ পৰে। চুৰ, ডকাইতি আনকি হত্যাৰ দৰে অপৰাধৰ সংঘটিত কৰে ড্ৰাগছ আসক্ত একাংশ লোক।

পুনৰ ড্ৰাগছ আসক্ত এজন যুৱকে সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড। ড্ৰাগছ কৰিবলৈ মাতৃয়ে ড্ৰাগছ আসক্ত যুৱকজনক ধন নিদিয়াৰ বাবে মাতৃক অতি নৃশংসভাৱে হত্যা কৰে যুৱকজনে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত।হৈছে কোকৰাঝাৰ চহৰত। কোকৰাঝাৰ চহৰৰ হাথিমাথাত এজন ড্ৰাগছ আসক্ত পুত্ৰই মাতৃৰ পৰা ড্ৰাগছ কিনিবলৈ ধন নোপোৱাৰ বাবে মাতৃক হত্যা কৰে। ড্ৰাগছ আসক্ত মাতৃ হত্যাকাৰী যুৱকজনৰ নাম পদ্যমণি ব্ৰহ্ম বুলি জানিব পৰা গৈছে।

সোমবাৰে নিশাৰ ভাগত পদ্যমণি ব্ৰহ্মই ড্ৰাগছ কিনিবলৈ মাতৃৰ পৰা ধন বিচাৰিছিল কিন্তু মাতৃ পাৰ্বতী ব্ৰহ্মই ধন নিদিয়াৰ বাবে পদ্যমণি ব্ৰহ্মই মাতৃক টি-টেবুলেৰে আক্ৰমণ কৰে। ৭৫ বছৰীয়া পাৰ্বতী ব্ৰহ্ম মূৰত আঘাত পাই মৃত্যুৰ মুখত পৰে। জানিব পৰা মতে পদ্যমণি ব্ৰহ্মই প্ৰায়ে ড্ৰাগছৰ বাবে ধন বিচাৰি মাতৃক মাৰধৰ কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে পাৰ্বতী ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে মাতৃ হত্যাকাৰী ড্ৰাগছ আসক্ত পদ্যমণি ব্ৰহ্মক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে পদ্যমণি ব্ৰহ্ম কেইবাবাৰো নিচামুক্তি কেন্দ্ৰত আছিল যদিও ড্ৰাগছৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাছিল। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৰাইজে অতি শীঘ্ৰে আনটোৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে। উল্লেখ্য যে, পদ্যমণি ব্ৰহ্মৰ পিতৃ নগেন ব্ৰহ্ম কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক আছিল।