তামুলপুৰ, ২৬ জুন, ২০২৪ : বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী ছাত্ৰী (Wild Elephant Killed One)। ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীৰ। বনৰীয়া হাতীৰ জাকৰ পৰা আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ পলায়ন কৰিবলৈ লওঁতে ছাত্ৰী গৰাকীক পিছফালৰ পৰা আক্ৰমণ কৰে বনৰীয়া হাতীয়ে। কথমপি প্ৰাণ ৰক্ষা পৰে নিহত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ আন লোকৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ ওলাই জনাঞ্চলত প্ৰৱেশ কৰিছিল বনৰীয়া হাতীৰ এটা বৃহৎ জাক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ।

ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰিছে গঞা ৰাইজৰ। বিশেষকৈ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হৈ থকা বুলি কলেও ভুল নহ’ব। এই সংঘাতৰ ফলত ইতিমধ্যে বহু লোক নিহত হোৱাৰ সমান্তৰালে প্ৰাণ হেৰুৱাইছে কেইবাটাও বনৰীয়া হাতীয়ে। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলীত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু হয়।

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলীত মঙলবাৰে নিশাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় ছাত্ৰী গৰাকী। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ পলায়ন কৰাত ছাত্ৰী গৰাকীক পিছফালৰ পৰা বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত থিতাতে নিহত হয় ছাত্ৰী গৰাকী। নিহত ছাত্ৰী গৰাকীৰ নাম মাণিক বড়ো বুলি জানিব পৰা গৈছে। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে নিহত ছাত্ৰী গৰাকীৰ মাতৃ আৰু ভাতৃৰ।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ নিহত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে অঞ্চলটোত প্ৰায়ে বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। এই ক্ষেত্ৰত ৰাইজৰ বন বিভাগক বাৰম্বাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে যদিও ৰাইজে কোনো ধৰণৰ সুফল পোৱা নাই। ৰাইজে অতি শীঘ্ৰে অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগকক দাবী জনাইছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাত বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত নিহত হৈছিল ধনীৰাম নাৰ্জাৰী নামৰ এজন লোক। আনহাতে আহত হৈছিল হৈছিল সুনিলে বসুমতাৰী নামৰ আন এজন লোক। বনৰীয়া হাতীৰ বৃহৎ জাক এটা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি কেইবাজনো লোকৰ বাৰীৰ কলগছ , তামোল গছ, নাৰিকল গছ ভাঙি তহিলং কৰাত বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি এটা দাতাল হাতীয়ে সুনীল বসুমতাৰী নামৰ লোকজনৰ কলগছৰ বাগানত সোমাই কলগছ খাই উপদ্ৰৱ চলাই থকা অৱস্থাত সুনীল বসুমতাৰীয়ে জোঁৱাই ধনীৰাম নাৰ্জাৰীৰ সৈতে দাতাল হাতীটো খেদিবলৈ যায়। তেনে সময়তে দাতাল হাতীটোৱে খেদি আহি দুয়োজনকে আক্ৰমণ কৰে। হাতীটোৰ আক্ৰমণত ধনিৰাম নাৰ্জাৰী নিহত হোৱাৰ লগতে সুনিল বসুমতাৰী গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।