নিউজ ডেস্ক, ৪ আগষ্ট, ২০২৪ : ৰে’লত নিষিদ্ধ আৰু চোৰাং সামগ্ৰী কঢ়িয়াই নিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ জুলাই মাহৰ সময়ছোৱাত ১.৬৩ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে। ৰে’লৱে সুৰক্ষা বাহিনীয়ে এই সময়ছোৱাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ৰে’ল আৰু ৰে’লৱে ষ্টেচনসমূহত (Railway Station) চলোৱা বিভিন্ন অভিযানৰ সময়ত নিষিদ্ধ আৰু চোৰাং সামগ্ৰী কঢ়িয়াই নিয়াত জড়িত থকাৰ অভিযোগত ২৪ জন লোকক আটক কৰে।

জব্দ কৰা নিষিদ্ধ আৰু চোৰাং সামগ্ৰীৰ সৈতে আটক কৰা লোকসকলক পিছত প্ৰাসঙ্গিক আইন অনুসাৰে পৰৱৰ্তী বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট অ’চি/জিআৰপি বা স্থানীয় আৰক্ষী থানাৰ হাতত অৰ্পন কৰা হয়। ৩০ জুলাই তাৰিখে আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে আগৰতলা ৰে’ল ষ্টেচনত তথ্যৰ ওপৰত ভিত্তি কৰি এক অনুসন্ধান চলায়। অনুসন্ধানৰ সময়ত, দুজন লোকক আটক কৰাৰ লগতে ২৮ কিলোগ্ৰাম (প্ৰায়) অৰ্থাত ২.৮০ লাখ টকাৰ গাঞ্জা উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ হোৱা গাঞ্জাৰ সৈতে আটক কৰা লোককেইজনক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অ’চি/জিআৰপি/আগৰতলাৰ হাতত অৰ্পণ কৰা হয়।

২ জুলাই তাৰিখে ৰে’ল নং. ১২৪২৪ আপ (ৰাজধানী) ৰে’লখনত এছক’ৰ্টিঙৰ সময়ত লামডিঙৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে ৰে’লখনৰ পৰা তিনিজন লোকক আটক কৰে আৰু প্ৰায় ২২ লাখ টকা মূল্যৰ ১১০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ হোৱা সামগ্ৰীৰ সৈতে আটক কৰা লোককেইজনক পৰৱৰ্তী বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে অ’চি/জিআৰপি/মৰিয়নিৰ হাতত অৰ্পণ কৰা হয়। উল্লেখ যে, জানুৱাৰীৰ পৰা জুলাই,ল পৰ্যন্ত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ১৯.৭০ কোটি টকাৰ অধিক মূল্যৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিষিদ্ধ আৰু চোৰাং সামগ্ৰী পৰিবহনত জড়িত থকাৰ অভিযোগত ২৬১ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে।

২০২৩ বৰ্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহৰ সময়ছোৱাত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২৫.৪৩ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে আৰু ৩৯২ জন লোকক নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ বাবে আটক কৰে। উল্লেখ যে মাদক দ্ৰব্যৰ চোৰাং সৰবৰাহকাৰীসকলৰ ব্যৱহাৰ কৰাৰ পৰা ৰে’লৱেক মুক্ত কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিয়মীয়াকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে। সকলো সন্দেহযুক্ত ৰে’ল আৰু যাত্ৰীবাহী এলেকাত বিভিন্ন পৰ্যায়ত আৰপিএফ দলৰ দ্বাৰা সঘনাই অভিযান চলাই থকা হৈছে।