নিউজ ডেস্ক ৭ আগষ্ট, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত ইণ্ডিয়ান আৰ্মিৰ ফুটবল দলে ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে আছাম ৰাইফলছ দলক৷ জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত হোৱা মেচখনত সেনাৰ দলটো বিৰতিলৈ ১-০ ত আগবাঢ়ি আছিল৷ দলৰ লৈ সাত মিনিটত এলানে প্ৰথমটো গল কৰে৷

আনহাতে, ৬৮ মিনিটত প্ৰদীপে পেনাল্টিৰে তথা ৯০ মিনিটত সুনীলে ইণ্ডিয়ান আৰ্মিৰ আন দুটা গল কৰে৷ প্ৰতিযোগিতাৰ কাইলৈ দুখন খেল অনুষ্ঠিত হ’ব৷ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা প্ৰথম মেচত আবেলি চাৰি বজাত বিগত বৰ্ষৰ চেম্পিয়ন তথা আই এছ এলৰো খিতাপজয়ী মোহন বাগানে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে খেলাৰ বিপৰীতে নিশা সাত বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা দিনটোৰ দ্বিতীয় মেচত এফ চি গোৱা মুখামুখি হ’ব ত্ৰিভূৱন আৰ্মিৰ৷

উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷

প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷

২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷