শ্বিলং, ১০ আগষ্ট, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ আজি শ্বিলংত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ মেচত শ্বিলং লাজং এফ চিয়ে ২-০ গলত পৰাস্ত কৰে ৰংদাজিদ ইউনাইটেড এফ চিক৷ দলৰ হৈ গল কৰে ৰনি উইলছন আৰু কেনষ্টাৰ খাৰছঙে৷ উল্লেখ্য যে এয়া শ্বিলং লাজংৰ দ্বিতীয় বিজয়৷ ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগিতাৰ কাইলৈ দুখন মেচ অনুষ্ঠিত হ’ব৷

কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত আবেলি হ’বলগা গ্ৰুপ ‘চি’ৰ মেচত দুই আই এছ এল দল পঞ্জাৱ এফ চি আৰু মুম্বাই চিটী এফ চি মুখামুখি হ’ব৷ ইফালে, নিশা সাত বজাত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত চেন্নাইয়ান এফ চিয়ে অসম ৰাইফলছৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷

চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷

২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷