গুৱাহাটী, ১০ আগষ্ট, ২০২৪ : যোৱা ১০ আগষ্ট, শনিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত উলহ-মালহেৰে প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় যোগাসন (Yoga) প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই অগ্ৰণী অনুষ্ঠানটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যোগপ্ৰেমীসকলক একত্ৰিত কৰাৰ লগতে যুৱ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ যোগ দক্ষতা প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে এক অনন্য মঞ্চ প্ৰদান কৰে। প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনিয়ে অংশগ্ৰহণকাৰীসকলৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু সতীৰ্থতাৰ মনোভাৱক প্ৰসাৰিত কৰি এক গুঞ্জৰিত সফলতা লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, অসমৰ বিভিন্ন জিলাৰ ৩৫ খনতকৈও অধিক বিদ্যালয় আৰু প্ৰায় ১৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি অনুষ্ঠানটোক যোগৰ এক জীপাল উদযাপনলৈ ৰূপান্তৰিত কৰে। এম ই এছ ট্ৰাষ্ট ব’ৰ্ডৰ বিশিষ্ট সদস্য মনমোহন দাসৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক বিশেষ কৰি তোলে। অংশগ্ৰহণকাৰীসকলে পৰম্পৰাগত যোগ আৰু কলাত্মক যোগ শীৰ্ষক দুটা প্ৰাথমিক শাখাত নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। অৰুনিম বৰা, আজাদ হাজৰিকা, দেৱজিৎ নাথ, গণানন্দ বৰ্মন, কৌশিক দাস, কৃষ্ণ দাস, মানস শৰ্মা, নৱালক্ষী গগৈ, সুখময় নাথ, সুৰঞ্জন দেৱনাথকে ধৰি বিশিষ্ট বিচাৰকৰ পেনেলে এই প্ৰতিযোগিতাৰ মূল্যায়ন কৰে।

অনুষ্ঠানত আকৰ্ষণীয় একক পৰিৱেশনৰ লগতে বিভিন্ন বয়সৰ অংশগ্ৰহণকাৰীসকলে ছাব-জুনিয়ৰ গ্ৰুপ (৫ ৰ পৰা ৯ বছৰ, ল’ৰা-ছোৱালী), জুনিয়ৰ গ্ৰুপ এ (১০ ৰ পৰা ১৪ বছৰ, ল’ৰা-ছোৱালী) আৰু জুনিয়ৰ গ্ৰুপ বি (১৫ ৰ পৰা ১৯ বছৰ, ল’ৰা-ছোৱালী) হিচাপে বিভাজিত কৰা শাখাসমূহত অংশগ্ৰহণ কৰে। মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষ জোনালী দাসে এই সন্মানীয় অনুষ্ঠানটো আয়োজন কৰি গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয়, “প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় যোগাসন প্ৰতিযোগিতা আয়োজন কৰাটো সঁচাকৈয়ে এক সন্মানৰ বিষয়। এই অনুষ্ঠানে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত যোগে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰাই নহয়, অনুশাসন আৰু ধ্যান-ধাৰণা গ্ৰহণ কৰিবলৈও অনুপ্ৰাণিত কৰে। সকলো অংশগ্ৰহণকাৰীয়ে প্ৰদৰ্শন কৰা নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আমি অতি গৌৰৱান্বিত।’’

বিদ্যালয়খনৰ যোগ প্ৰশিক্ষক ড° ছাইফুল ইছলামেও যোগৰ সামগ্ৰিক উপকাৰিতাৰ ওপৰত আলোকপাত কৰি তেওঁৰ মতামত ব্যক্ত কৰে। তেওঁ কয়, “যোগ কেৱল শাৰীৰিক কচৰৎ নহয়; এয়া হৈছে জীৱন যাপনৰ এক পদ্ধতি। এই প্ৰতিযোগিতাখনিৰ জৰিয়তে আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যৱসায়, ভাৰসাম্য আৰু আভ্যন্তৰীণ শক্তিৰ মূল্যবোধৰ বীজ সিঁচিবলৈ চেষ্টা কৰিছো। আমাৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলৰ যোগৰ প্ৰতি উৎসাহ আৰু নিষ্ঠাৰ সাক্ষী হৈ মই ৰোমাঞ্চিত হৈ পৰিছোঁ।”

উল্লেখ্য যে, প্ৰতিযোগিতাখনিত মডাৰ্ণ ইংলিছ স্কুলে ৩৯ পইণ্টেৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে এফ চি এ একাডেমীয়ে ৩০ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ পিছত তেওঁলোকক বঁটা তথা প্ৰমাণপত্ৰ প্ৰদান কৰি প্ৰতিযোগিতাখনিৰ সামৰণি মৰা হয়। অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগাভ্যাসৰ প্ৰচাৰ আৰু সুস্থ তথা সুষম জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠানটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।