গুৱাহাটী, ২৬ আগষ্ট, ২০২৪ : বিগত কিছুদিন ধৰি ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ অভাৱনীয় অৱনতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আম আদমি পাৰ্টীৰ (Aam Admi Party) ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। সোমবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত নাদুৱা গাঁও পঞ্চায়তত অনুষ্ঠিত আপৰ এখন দলীয় যোগদান সভাত অংশগ্ৰহণ কৰি ডাঃ ভবেন চৌধুৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত বলাৎকাৰ, হিংসা, হত্যাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰে।

আপৰ নেতাগৰাকীয়ে কয়, “যেতিয়ালৈকে অসমত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নহয় তেতিয়ালৈকে অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা নহয়। খিলঞ্জীয়া জনগোষ্ঠীসমূহক নিযুক্তিৰ ক্ষেত্ৰত ৮০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰতো ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। তদুপৰি আমি আম আদমি পাৰ্টীয়ে ‘কা’ প্ৰত্যাহাৰৰ বাবেও দাবী জনাই আহিছোঁ। ”

ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতা সন্দৰ্ভত ডাঃ ভেবন চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি কয়,”গৃহ বিভাগৰ দায়িত্ব পালনত হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত।” চাবুৱাত অনুষ্ঠিত যোগদান কাৰ্যসূচীত কংগ্ৰেছ আৰু বিজেপিৰ পৰা আহি শতাধিক নেতা-কৰ্মীয়ে আপত যোগদান কৰে। ডাঃ ভেবন চৌধুৰীৰ লগতে দলৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰৰ উপস্থিতিত কংগ্ৰেছ ত্যাগ কৰি নাদুৱা মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ব্ৰজেন বৰুৱা, হাইতালি মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰশান্ত গগৈ, ডিকম মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্যাম কৰ্মকাৰ, বিশাল তাঁতীৰ লগতে বিজেপিৰ পৰা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি অনিৰুদ্ধ তাঁতী আৰু নীতিশ পাটনায়কে আপত যোগদান কৰে।

আম আদমি পাৰ্টীৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰা নৱাগত সকলক দললৈ আদৰণি জনায় ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী আৰু মনোজ ধানোৱাৰে। ইপিনে মাৰ্ঘেৰিটাৰ কেটেতং গাঁও পঞ্চায়তৰ ৪ টা ৱাৰ্ডৰ কংগ্ৰেছৰ বহুসংখ্যক নেতা-কৰ্মীয়েও আপত যোগদান কৰে। আপৰ যুৱ শক্তিৰ আহ্বায়ক বাবুল বিকাশ চেতিয়া, ৰূপম ঘোষ, ডিগবৈ যুৱশক্তিৰ নেতা সঞ্জীৱ দাস আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ নেতা মৃদুল দত্তৰ উপস্থিতিত আপত যোগদান কৰে অৰ্ধ শতাধিক কৰ্মীয়ে।

আনহাতে, ধুবুৰী জিলাত আজি অনুষ্ঠিত হয় আপৰ জিলা কৰ্মকৰ্তা সন্মিলন। বিলাসীপাৰা টাউন বিবাহ ভৱনত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ডেৰ শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। দলৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ড০ মামুন ইমদাদুল হক চৌধুৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা দলৰ আইন কোষৰ নেতা আশ্ৰাফুল আৰিফ শিকদাৰ উপস্থিত থাকে। সভাত ড০ মামুন ইমদাদুল হক চৌধুৰীয়ে দলীয় কৰ্মী সকলক পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হ’বলৈ আহ্বান জনায়।