মঙলদৈ, ১৩ ছেপ্তেম্বৰ, ২০২৪ : মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ (Aap) বিক্ষোভ। আদানিৰ স্বাৰ্থত লুণ্ঠন চলাইছে চৰকাৰে বুলি অভিযোগ আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ। এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি মঙলদৈত আম আদমি পাৰ্টীয়ে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

দৰং জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা আপৰ কেইবাশ প্ৰতিবাদী সদস্যই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে। দলৰ দৰং জিলাৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।

আপৰ নেতাগৰাকীয়ে চৰকাৰক শীঘ্ৰেই প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰি পূৰ্বৰ পদ্ধতি বাহাল ৰাখিবলৈ দাবী জনায়। তেওঁ কয়, “অসমৰ বিজেপি দলৰ চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে। ৰাইজৰ সমস্যা সমাধানত ব্যৰ্থ চৰকাৰে ৰাইজৰ ওপৰত নতুনকৈ বোজা জাপি দিছে। আমি আম আদমী পাৰ্টিৰ নেতৃত্বত ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।”

মঙলদৈ গান্ধী ময়দানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা আপৰ কৰ্মকৰ্তা সকলে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, ২৪ ঘন্টাই বিদ্যুৎ যোগান, অস্বাভাৱিক মাচুল বৃদ্ধিৰ তদন্তৰ দাবীত শ্লোগান দিয়ে। তদুপৰি দৰং জিলাৰ ই-ৰিক্সা চালক সকলৰ সমস্যা সমাধানৰ দাবীতো আপৰ নেতা-কৰ্মী সকল সৰৱ হয়। বিক্ষোভকাৰী সকলে দৰং জিলাৰ অতিৰিক্ত আয়ুক্ত মানস শইকীয়াৰ জৰিয়তে এখন ৫ দফীয়া স্মাৰকপত্ৰও প্ৰদান কৰে।

কাৰ্যসূচীত আম আদমি পাৰ্টীৰ উপৰি সদৌ মঙলদৈ মিলিজুলি ই-ৰিক্সা সন্থা, দৰং জিলা ই-ৰিক্সা সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহু সংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত আপৰ নেত্ৰী পুনম গগৈয়েও অংশগ্ৰহণ কৰে।