গুৱাহাটী, ২১ ছেপ্টেম্বৰ, ২০২৪ : অসমৰ দ্বিপাঞ্জলী দৈমাৰী আৰু ৰিম্পী পেগুৱে গুৱাহাটীত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত সোণ লাভ কৰিবলৈ সক্ষম হৈছে৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ (FBI) সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷

উল্লেখ্য যে এলিট মহিলাৰ শাখাত অসমৰ ছয় গৰাকী বক্সাৰে পদক জয় নিশ্চিত কৰিছিল৷ কিন্তু দ্বিপাঞ্জলী দৈমাৰীয়ে ৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে খিতাপৰ যুঁজত মনিপুৰৰ ট’জিম ভূমাবতিক ৫-১ ৰ ব্যৱধানত পৰাস্ত কৰি সোণ লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে, অসমৰ ভূপালীয়ে ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলত হাৰিয়ানাৰ নেহা গুৰ্জাৰৰ বিৰুদ্ধে ২-৩ ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপ লাভ কৰে৷

ইফালে, গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনত এলিট মহিলাৰ শাখাৰে ৮১ কিলোগ্ৰামৰ ফাইনেলত অসমৰ ইলুৰা বৰগোঁহাই অন্ধ্ৰ প্ৰদেশৰ সতিৱাডাৰ হাতত পৰাস্ত হৈ ৰূপ অৰ্জন কৰে৷ আনহাতে, ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ পদকতে সন্তুষ্ট থাকে ৫৪ কিলোগ্ৰাম শাখাত খেলা সুমিত্ৰা ব্ৰহ্ম আৰু মঞ্জু বসুমতাৰী তথা ৫৭ কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হোৱা মনালিছা বসুমতাৰীয়ে৷

ইফালে, অসমক দ্বিতীয়টো সোণৰ পদক দিয়ে যুৱ মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত খেলা ৰিম্পী পেগুৱে৷ ফাইনেলত ৰিম্পীয়ে ৪-০ ৰ ব্যৱধানত পৰাস্ত কৰে চণ্ডিগড়ৰ কবিতাক৷ আনহাতে, অসমৰ জেস্মিতা দৈমাৰীয়ে ৫৭ কিলোগ্ৰাম শাখাৰ ফাইনেলত মনিপুৰৰ নিমসোলান খাপাইৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপ অৰ্জন কৰে৷ একেদৰে যুৱ মহিলাৰ ৬৫ কিলোগ্ৰাম শাখাৰ ফাইনেলতো অসমৰ বিদিশা বৰুৱা তামিলনাডুৰ দূৰ্গাশ্ৰীৰ হাতত পৰাস্ত হৈ ৰূপ লাভ কৰে৷

আনহাতে, অসমৰ ভাৰতী কুমাৰী ৪৮ কিলোগ্ৰাম শাখাৰ তথা মনিকা চুব্বাই ৫১ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ অৰ্জন কৰে৷ ইফালে, এলিট পুৰুষ শাখাত অসমৰ একমাত্ৰ বক্সাৰ ৰূপে ৮৬ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা খাৰানান্দায়ো ব্ৰঞ্জ পদকহে লাভ কৰিবলৈ সক্ষম হয়৷ ইফালে, যুৱ পুৰুষ শাখাৰ ৭০ কিলোগ্ৰামৰ ফাইনেলত অসমৰ যুৱৰাজ যাদব হাৰিয়ানাৰ নিতিন পাংঘলৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপ লাভ কৰে৷ একেদৰে আকাশ কচাৰীও ৮৫ কিলোগ্ৰামৰ ফাইনেলত হাৰিয়ানাৰে আদিত্যৰ বিৰুদ্ধে ৫-০ ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক পায়৷ আনহাতে, ৬০ কিলোগ্ৰামৰ ছেমিফাইনেলত অসমৰ জুনাইদ আনন তথা অসমৰে গংগা ৰাভাই ৭০ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰে৷