গুৱাহাটী, ৩০ ছেপ্টেম্বৰ, ২০২৪ : দহ জনৰে খেলিও ডুৰাণ্ড কাপৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ছিজনৰ গৃহ ষ্টেডিয়ামত খেলা প্ৰথম মেচত এক পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে৷ একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) দেওবাৰে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা মেচত ঘৰুৱা দলটোৱে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ খেলে৷ অৱশ্যে মেচত প্ৰথমে অগ্ৰগতি লৈছিল নৰ্থ ইষ্ট ইউনাইটেডে৷

খেলৰ প্ৰথমাৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে গ’ল কৰাৰ কেবাটাও সুযোগ সৃষ্টি কৰিছিল যদিও দুৰ্বল ফিনিছিঙৰ বাবে অগ্ৰগতি ল’ব নোৱাৰিলে৷ গুইলেৰ্মো, জিতিন আৰু অলাইডিনৰ লক্ষ্যহীন শ্বটে স্বাভাৱিকতে হতাশ কৰিছিল ষ্টেডিয়ামৰ সমৰ্থকক লগতে দলৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিক৷ ইফালে, কেৰালা দলৰো আক্ৰমণ আছিল চোকহীন৷ দ্বিতীয়াৰ্ধৰ মেচ আৰম্ভ হোৱাত ঘৰুৱা দলৰ ভাগ্য সুপ্ৰসন্ন হয়৷ ৫৮ মিনিটত দলে বক্সৰ দহ ফুট বাহিৰত ফ্ৰিকিক লাভ কৰে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ যাদুকৰ আজাৰাই অলাইডিনে কেৰালাৰ ৰক্ষনপন্থীৰ প্ৰাচীৰ হেলাৰঙে প্ৰতিহত কৰি বল মাৰি পঠাই গ’লপষ্টলৈ৷ কেৰালাৰ গ’লৰক্ষক সুৰেশে বল আয়ত্ব কৰিছিল যদিও হাতৰ পৰা পিছলি যোৱাত নৰ্থ ইষ্ট ইউনাইটেডে ১-০ ৰ অগ্ৰগতি লয়৷

উল্লেখ্য যে আলাইডিন প্ৰথম দুখন মেচতো নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ দুটা গ’ল কৰিছিল৷ দেওবাৰে ক্ৰমাগত তৃতীয়খন খেলতো গ’ল দি একেৰাহে ছখন খেলত গ’ল দিয়া এলানোৰ পিছত আই এছ এলৰ প্ৰথম তিনিখন মেচৰ প্ৰতিখনতে গ’ল দিয়া দ্বিতীয়জন খেলুৱৈ হিচাপে গৌৰৱ লাভ কৰিলে৷ কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি মাত্ৰ ন মিনিটহে থাকে৷ ৬০ মিনিটত খেলপথাৰত প্ৰৱেশ কৰে কেৰালা ব্লাষ্টাৰ্ছৰ মহম্মদ আলমিন৷ তেওঁৰ সহায়তে ৬৭ মিনিটত নহ ছাডাওই বক্সৰ বাহিৰৰ পৰা গ'”ল কৰি মেচত ১-১ ত সমতা স্থাপন কৰে৷

৮৩ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডে আন এক আঘাত পায়৷ আচিৰ আখতাৰক ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুওৱাৰ বাবে দহ জনৰে খেলিব লগা হয়৷ চলিত ছিজনত এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰথম ৰঙা কাৰ্ড৷ ৯০ মিনিটত দলক নিশ্চিত গ’লৰ পৰা ৰক্ষা কৰে অধিনায়ক জবাকোই৷ অন্তিম ১৫ মিনিটত দলে অনন্য খেল খেলি পৰাজয় ৰক্ষা কৰে৷ উল্লেখ্য যে এয়া আছিল নৰ্থ ইষ্ট ইউনাইটেডৰ লীগৰ তৃতীয় মেচ৷ ইয়াৰপূৰ্বে কলকাতাত মহমেদান স্পৰ্টিং ক্লাবক পৰাস্ত কৰা গুৱাহাটীৰ দলটোৱে দ্বিতীয় মেচখনত ডিফেণ্ডিং চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে দুবাৰ অগ্ৰগতি লৈয়ো যুৱভাৰতী ষ্টেডিয়ামত পৰাজয়ৰ সন্মুখীন হৈছিল৷

আনহাতে, কোচিত খেলা অভিযান মেচত পঞ্জাৱ এফ চিৰ বিৰুদ্ধে পৰাস্ত হোৱা কেৰালা ব্লাষ্টাৰ্ছে দ্বিতীয় মেচখনত ইষ্ট বেংগল এফ চিক পৰাস্ত কৰি গুৱাহাটীলৈ আহিছিল আৰু দেওবাৰে বিপক্ষৰ ঘৰৰ পৰা এক পইণ্ট লাভ কৰিলে৷ কিন্তু দলে তিনি পইণ্টৰ সুবৰ্ণ সুযোগ হেৰুৱালে৷ নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখন অহা চাৰি অক্টোবৰত এফ চি গোৱাৰ বিৰুদ্ধে ফাটুৰ্ডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত খেলিব৷ আনহাতে, কেৰালা ব্লাষ্টাৰ্ছে অহা তিনি অক্টোবৰত ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত ওড়িছা এফ চিৰ বিৰুদ্ধে পৰৱৰ্তী মেচখনত অৱতীৰ্ণ হ’ব৷