নিউজ ডেস্ক, ১৬ অক্টোবৰ, ২০২৪ : একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) চমু আন্তৰ্জাতিক বিৰতিৰ পাছত বৃহস্পতিবাৰৰ পৰা পুনৰ মেচ আৰম্ভ হ’ব৷ কাইলৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেডে দুবাৰৰ চেম্পিয়ন চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে খেলিব৷ চলিত ছিজনত এয়া গুৱাহাটীত অনুষ্ঠিত হ’বলগা দ্বিতীয়খন মেচ৷ ইয়াৰপূৰ্বৰ মেচত নৰ্থ ইষ্ট ইউনাইটেডে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে ১-১ গলত ড্ৰ খেলিছিল৷

ডুৰাণ্ড কাপৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডে ইতিমধ্যে চাৰিখন মেচ খেলি পাঁচ পইণ্ট লাভ কৰিছে৷ দলে এখনকৈ মেচত জয় আৰু পৰাজয় হোৱাৰ বিপৰীতে দুখন ড্ৰ খেলিছে৷ অন্তিম মেচখন এফ চি গোৱাৰ বিৰুদ্ধে ৩-৩ গলত ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডে মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বিপৰীতে ছিজনৰ প্ৰথম মেচত গুৱাহাটীৰ দলটোৱে আই এছ এলত অভিষেক কৰা মহমেদান স্পৰ্টিং দলক পৰাস্ত কৰিছিল৷

ইফালে, চেন্নাইয়ান এফ চিয়ে তিনিখনৰ মেচৰ পৰা চাৰি পইণ্ট লাভ কৰিছে৷ জয়, পৰাজয় আৰু ড্ৰ দলৰ তিনি মেচৰ প্ৰদৰ্শন৷ অন্তিম মেচত হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে গলশূন্য ড্ৰ খেলি গুৱাহাটীলৈ আহিছে চেন্নাইয়ান দল৷ গুৱাহাটীত পূৰ্বে খেলা মেচত চেন্নাইয়ান দলে দুবাৰ নৰ্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰিছে৷ এখন ড্ৰ তথা পাঁচখনত পৰাস্ত হৈছে৷ কিন্তু উভয় দল ২০ খন মেচত মুখামুখি হোৱাত চেন্নাইয়ান আঠখনত তথা নৰ্থ ইষ্ট ইউনাইটেডে সাতখনত পইণ্ট লাভ কৰাৰ বিপৰীতে পাঁচখনত পইণ্ট ভগাই লৈছে৷

যোৱা দহখন মেচত কিন্তু নৰ্থ ইষ্ট ইউনাইটেডে চেন্নাইয়ান দলক এবাৰহে পৰাস্ত কৰিছে৷ ছয়খনত পৰাস্ত তথা তিনিখন ড্ৰ খেলিছে হাইলেণ্ডাৰ্ছে৷ ‘আমি ভুলৰ পৰা শিকিছো৷’ মেচৰ পূৰ্বে অনুষ্ঠিত হোৱা সংবাদমেলত এইদৰে কয় নৰ্থইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে৷ এতিয়ালৈকে খেলা মেচৰ ওপৰত চিন্তা-চৰ্চা কৰি তেওঁ স্বীকাৰ কৰে যে দলে প্ৰতিখন মেচে ভালদৰে সমাপ্ত কৰাটো প্ৰয়োজন৷ ‘এইহাৰ ইয়াত মোৰ দ্বিতীয় ছিজন৷ আমি আগবাঢ়ি গৈ আছো৷ ভাল কৰিবলৈ সময়ো লাগিব৷’ বেনালীয়ে লগতে কয়৷

ইফালে, চেন্নাইয়ান এফ চিৰ মুখ্য প্ৰশিক্ষক ওৱেন কয়লে নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰদৰ্শনৰ গুণগত মানৰ প্ৰতি সচেতন যদিও কাইলৈ গুৱাহাটীত ঘৰুৱা দলটোক প্ৰত্যাহ৩ান দিব পাৰিব বুলি আত্মবিশ্বাসী৷ কয়লে কয়, ‘নৰ্থ ইষ্ট ইউনাইটেডৰ খেলৰ মানদণ্ডৰ প্ৰতি আমি অতি সন্মান জনাইছো৷ একে সময়তে আমি জানো যে আমি ভাল খেলুৱৈ থকা এটা ভাল দল আৰু প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰ সৈতে যুঁজ দিবৰ বাবে থিয় দিব পাৰো৷’

চেন্নাইয়ান এফ চিৰ কন’ৰ শ্বিল্ডছে এই ছিজনত এতিয়ালৈ ১২টা সুযোগ সৃষ্টি কৰিছে৷ মোহন বাগান ছুপাৰ জায়েণ্টৰ গ্ৰেগ ষ্টুৱাৰ্টৰ (১৪) পিছতে তেওঁৰ উন্নত প্ৰদৰ্শন৷ ইফালে, ছেইমিনলেন ডাংগলৰ চাৰিটা গ’ল আৰু এটা এছিষ্টৰ সৈতে মিল আছে নৰ্থ ইষ্ট ইউনাইটেডৰ পাৰ্থিব গগৈৰ৷ এতিয়ালৈকে দুটা গ’ল আৰু সমসংখ্যক এছিষ্ট৷ মাত্ৰ এটা গ’লৰ দূৰত্বত অসম সন্তান৷ চেন্নাইয়ানৰ বিৰুদ্ধে আই এছ এলৰ যোৱা তিনিখন মেচৰ প্ৰতিখনতে পাৰ্থিৱৰ গ’লৰ অৱদান আছে৷