শ্ৰীভূমি, ১০ নৱেম্বৰ, ২০২৪ : ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বৰাকবাসীৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে। গুৱাহাটীৰ পৰা শিলচৰ, হাইলাকান্দি বা কৰিমগঞ্জলৈ যোৱা পথৰ অৱস্থা শোচনীয়। সুচল যাতায়াতৰ ব্যৱস্থা নথকাৰ বাবেই নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে বৰাকবাসীয়ে।” আজি শ্ৰীভূমি জিলাৰ পুৱামাৰাত অনুষ্ঠিত আম আদমি পাৰ্টীৰ (Aam Admi Party) জিলা কৰ্মকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰি বৰাকৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে কৰা বৈষম্য সন্দৰ্ভত এই বক্তব্য দাঙি ধৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ কৰ্মী সকলক সাজু হ’বলৈ আহ্বান জনাই মনোজ ধানোৱাৰে কয়, “আম আদমি পাৰ্টীয়ে পঞ্চায়ত নিৰ্বাচনত সৰ্বশক্তিৰে যুঁজ দিব। শ্ৰীভূমি জিলাৰ যাতায়াতৰ সমস্যা, চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আপে কৰ্মৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰায় দুশ দলীয় কৰ্মী উপস্থিত থকা জিলা সন্মিলনত দলৰ নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।

শ্ৰীভূমি জিলা আপৰ সভাপতি চাইনুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যিক উপ সভাপতি সৌমিক সেনগুপ্ত আৰু সাংগঠনিক সম্পাদক জয়ন্ত শইকীয়ায়ো কৰ্মকৰ্তা সকলক সম্বোধন কৰে। ইপিনে ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দিৰ ফকিৰ বজাৰত অনুষ্ঠিত দলীয় সভাতো অংশগ্ৰহণ কৰে মনোজ ধানোৱাৰে। সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত জনসভাত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে উন্নয়নৰ সপক্ষে বৰাকৰ ৰাইজক ওলাই আহিবলৈ মনোজ ধানোৱাৰে আহ্বান জনায়। উল্লেখ্য যে চাৰিদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকাৰ তিনিখন জিলাত সম্পৰ্ক যাত্ৰা অভিযান আৰম্ভ কৰিছে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।

আজি দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে শিলচৰৰ প্ৰসিদ্ধ শ্ৰী শ্ৰী কাঁচাকান্তি মাতাৰ মন্দিৰ দৰ্শন কৰি আশীৰ্বাদ গ্ৰহণ কৰে মনোজ ধানোৱাৰে। মন্দিৰ পৰিচালনা সমিতিৰ সৈতেও মত বিনিময় কৰে। তদুপৰি আপৰ নেতাগৰাকীয়ে শ্ৰীভূমি জিলাৰ উজাণ্ডীস্থিত চাহেব বাৰীৰ ইছলাম ধৰ্মগুৰু চৈয়দ জুনাইদ আহমেদ মদনীক তেখেতৰ বাসভৱনত সাক্ষাৎ কৰে। কাইলৈ আম আদমি পাৰ্টীয়ে হাইলাকান্দি জিলাত সম্পৰ্ক যাত্ৰা অভিযান ৰূপায়ন কৰিব।