নিউজ ডেস্ক, ৯ মে’, ২০২৫ : অসমে চলিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত চতুৰ্থটো পদক অৰ্জন কৰিছে৷ ৰাজ্যৰ দুই প্ৰতিভাবান টেবুল টেনিছ (Table Tennis) খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্য আৰু দিব্যজ ৰয় ৰাজখোৱাই ল’ৰাৰ ডাবলছ শাখাত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়৷ উত্তেজনাপূৰ্ণ ফাইনেলত তামিলনাডুৰ পেডলাৰে ৩-১ ৰ ব্যৱধানত অসমৰ যুটিটোক পৰাস্ত কৰে৷ চাৰিটা গেমত নিৰ্ণয় হোৱা স্বৰ্ণ পদকৰ মেচখনৰ প্ৰথম গেমটোত প্ৰিয়ানুজ-দিব্যজ যুটিয়ে ১১-৭ ৰ ব্যৱধানত জয়ী হৈ ১-০ ৰ অগ্ৰগতি লৈছিল৷ কিন্তু পৰৱৰ্তী তিনিটা গেম ১১-৯, ১১-৯, ১১-৯ ৰ ব্যৱধানত জয়লাভ কৰি সোণ অৰ্জন কৰে তামিলনাডুৱে৷

উল্লেখ্য যে বিহাৰৰ ৰাজগিৰত আয়োজিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ টেবুল টেনিছ প্ৰতিযোগিতাৰ ল’ৰা আৰু ছোৱালী উভয় শাখাৰে ডাবলছৰ মেচসমুহ অনুষ্ঠিত হয়৷ পুৱা ল’ৰাৰ ১৮ বছৰ অনূধ্বৰ্ৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ যুটিটোৱে আয়োজক ৰাজ্য বিহাৰক ৩-১ ৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷ প্ৰিয়ানুজ-দিব্যজ যুটিয়ে প্ৰথম গেম ১০-১২ ৰ ব্যৱধানত হেৰুৱাই যদিও পৰবৰ্তী তিনিওটা ছেট ১১-১, ১১-৬, ১১-৭ ৰ ব্যৱধানত জয়ী হৈ ছেমিফাইনেললৈ অগ্ৰসৰ হয়৷

ছেমিফাইনেলত অসম মুখামুখি হয় মহাৰাষ্ট্ৰৰ৷ এইবাৰো প্ৰিয়ানুজ-দিব্যজ যুটি প্ৰথমটো গেমত ৬-১১ ৰ ব্যৱধানত পৰাস্ত হয়৷ কিন্তু সফল প্ৰত্যাৱৰ্তন কৰি ক্ৰমাগত তিনিখন গেমত ১১-৯, ১১-২, ১১-৮ ৰ ব্যৱধানত জয়লাভ কৰি ফাইনেলত প্ৰৱেশৰে পদক নিশ্চিত কৰে৷ উল্লেখ্য যে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ইতিহাসত এয়া টেবুল টেনিছত অসমৰ দ্বিতীয়টো পদক৷ ইয়াৰপূৰ্বে বিগত তামিলনাডুত হোৱা ষষ্ঠ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত প্ৰিয়ানুজেই ল’ৰাৰ একক শাখাত ৰূপ অৰ্জন কৰি অসমৰ প্ৰথম পেডলাৰৰূপে পদক জয় কৰিছিল৷

বৃহস্পতিবাৰৰ সফলতাৰে দিব্যজে প্ৰথমটো তথা ক্ৰমাগত দুখন খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত পদক লাভৰ গৌৰৱ অৰ্জন কৰিলে প্ৰিয়ানুজে৷ কিন্তু দুবাৰ ফাইনেল খেলিও সোণ জয়ৰ পৰা বঞ্চিত হোৱা প্ৰিয়ানুজে অপূৰ্ণ সপোন পূৰ্ণ কৰিবলৈ শুকুৰবাৰে পুনৰ একক শাখাৰ নকআউট মেচত অৱতীৰ্ণ হ’ব৷ অপৰাজেয় হৈ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা অসম সন্তানে বিহাৰৰ প্ৰতিদ্বন্দীৰে মুখামুখি হ’ব৷ ইফালে, সাঁতোৰত ইতিমধ্যে দুটা সোণ আৰু এটা ব্ৰঞ্জ লাভ কৰা অসমৰ খেলুৱৈয়ে শুকুৰবাৰে পুনৰ পদকৰ লক্ষ্যৰে গয়াৰ ছুইমিং পুলত নামিব৷