নিউজ ডেস্ক, ১৩ মে’, ২০২৫ : সমগ্ৰ ৰে’ল চৌহদত স্বচ্ছতা আৰু স্বাস্থ্য বিধিৰ উচ্চতম মানদণ্ড বজাই ৰখাৰ অবিৰত প্ৰচেষ্টাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে সোমবাৰে কামাখ্যা (Kamakhya) কোচিং ডিপোত পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাৰ বিশদ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত শ্ৰীবাস্তৱে সামগ্ৰিক স্বচ্ছতা প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰে আৰু অন-বৰ্ড হাউচকিপিং চাৰ্ভিচ (অবিএইচএছ) কৰ্মচাৰীৰ লগতে ষ্টেচন আৰু কোচিং ডিপো চাফাই কৰ্মীসকলৰ কৰ্মক্ষমতাৰ মূল্যায়ন কৰে।
তেওঁ কামাখ্যা কোচিং ডিপোত ডবাৰ বাহিৰৰ ফালৰ ড্ৰোন ভিত্তিক চাফাই অভিযানৰ কাম-কাজ পৰিদৰ্শন কৰে। তেওঁ ৰে’লৰ ডবাৰ ভিতৰৰ অংশসমূহৰ চাফাই ব্যৱস্থাও পৰিদৰ্শন কৰি নিৰ্ধাৰিত চাফাই মানদণ্ড মানি চলাটো নিশ্চিত কৰে। এই পৰিদৰ্শনে নিয়মীয়া নিৰীক্ষণ, প্ৰযুক্তিগত উন্নীতকৰণ আৰু কৰ্মচাৰীৰ দায়বদ্ধতাৰ জৰিয়তে পৰিষ্কাৰ আৰু যাত্ৰী-অনুকূল ৰেলৱে সা-সুবিধাসমূহ বজাই ৰখাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মহাপ্ৰবন্ধকে চাফাই কৰ্মী আৰু তত্বাৱধায়কসকলৰ সৈতে মত বিনিময় কৰি, তেওঁলোকক ধাৰাবাহিকভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ স্তৰ বজাই ৰাখিবলৈ আৰু যাত্ৰী সকলৰ পৰা আৰু ‘ৰে’ল মদদ’ এপ্লিকেচনৰ জৰিয়তে লাভ কৰা অভিযোগৰ তৎক্ষণিকভাৱে সঁহাৰি দিবলৈ উৎসাহিত কৰে। তেওঁ জোৰ দি কয় যে কেৱল যাত্ৰীৰ আৰামৰ বাবেই নহয়, ৰে’লৱে কৰ্মীসকলৰ বাবে এক নিৰাপদ আৰু সুস্থ কৰ্ম পৰিৱেশ নিশ্চিত কৰাৰ বাবেও সক্ৰিয় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থা অতি প্ৰয়োজনীয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই সেৱাৰ মান বৃদ্ধিৰ বাবে ভাৰতীয় ৰে’লৱেৰ বহল দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি স্বচ্ছ আৰু অধিক কাৰ্যক্ষম ৰে’ল ব্যৱস্থাৰ দিশত চেষ্টা অব্যাহত ৰাখিছে।