কোকৰাঝাৰ, ৮ আগষ্ট, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱে আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত অসমৰ কোকৰাঝাৰ (Kokrajhar) জিলাৰ বাসবাৰীত প্ৰস্তাৱিত ৱাগন পিৰিয়ডিক অভাৰহলিং (পিঅ’এইচ) ৱৰ্কশ্বপৰ স্থান পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গৰ সৈতে বড়োলেণ্ড প্ৰাদেশিক পৰিষদৰ অধ্যক্ষ টি.চি.এল.চি.চি শ্ৰী উত্তম হাজোৱাৰী উপস্থিত আছিল।
এই ৱৰ্কশ্বপটোৰ মুঠ ক্ষমতা প্ৰতি মাহত ২৫০ টা ৱাগন ৰূপে অনুমান কৰা হৈছে, য’ত প্ৰথম পৰ্যায়ত প্ৰতি মাহত ৭৫ টা ৱাগনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আনুমানিক খৰচ ২৫৬.৩৫ কোটি টকাৰ আনুমাণিক ব্যয়েৰে প্ৰকল্পটোৱে ব্যাপক পৰিসৰত নিযুক্তিৰ সুযোগ প্ৰদান কৰা, দক্ষতাৰ বিকাশত উৎসাহিত কৰা, স্থানীয় সংশ্লিষ্ট উদ্যোগৰ বৃদ্ধি আৰু অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনক (বিটিআৰ) উত্তৰ-পূৰ্বাঞ্চলৰ এক উল্লেখনীয় লজিষ্টিক আৰু ঔদ্যোগিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
প্ৰায় ২৫০০ বিঘাৰ বিস্তৃত এলেকাত বাসবাৰী পিঅ’এইচ ৱৰ্কশ্বপটো বাসবাৰী ষ্টেচনৰ পৰা মাত্ৰ ১ কিলোমিটাৰ আৰু ৰূপসী বিমানবন্দৰৰ পৰা ১৭ কিলোমিটাৰ দূৰত্বৰ এক সুসংগঠিত স্থানত অৱস্থিত, যিয়ে শক্তিশালী বহুমুখী সংযোগ প্ৰদান কৰিব। পৰিদৰ্শনৰ সময়ত মহাপ্ৰৱন্ধকে একাধিক অনুমোদিত ৰে’ল আন্তঃগাথনি প্ৰকল্পসমূহৰ ৰূপায়ন, যেনে নতুন লাইন, দ্বৈতকৰণ আৰু বহুমুখী প্ৰকল্পৰ ফলত মালবাহী ৰে’ল পৰিচালনৰ প্রত্যাশিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই প্ৰকল্পৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
তেওঁ উল্লেখ কৰে যে বাসবাৰী পিঅ’এইচ ৱৰ্কশ্বপটোৱে পৰিচালন দক্ষতা আৰু আঞ্চলিক অৰ্থনৈতিক বিকাশৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৱৰ্কশ্বপটো আধুনিক সুবিধাৰে সজ্জিত, য’ত ষ্ট্ৰিপিং, বডি ৰিপেয়াৰ, পেইণ্টিং, সহযোগী কামকাজ আৰু মান নিয়ন্ত্ৰণৰ বাবে বিশেষীকৃত ৱৰ্কশ্বপ অন্তৰ্ভুক্ত কৰা হৈছে আৰু পৰিকল্পিত পৰ্যায়ক্ৰমিক ৰেম্প আপৰ পৰা ইয়াৰ সম্পূৰ্ণ অভাৰহল ক্ষমতালৈ ৱৰ্কশ্বপটো উন্নীত কৰা হ’ব।
মহাপ্ৰৱন্ধকে সুৰক্ষা, গুণগত মানদণ্ড আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব দি প্ৰকল্পসমূহৰ আন্তগাঁথনি সময়মতে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লযাত্ৰী আৰু মালবাহী গ্ৰাহকসকলৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে আন্তগাঁথনিৰ উন্নীতকৰণৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।