নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ, ২০২৫ : লুইতৰ পাৰৰ মহানায়ক সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শততম জন্মবাৰ্ষিকী উপলক্ষ্যে কলকাতাত (Kolkata) এক হৃদয়স্পৰ্শী অনুষ্ঠানেৰে ব্যতিক্ৰমী শ্ৰদ্ধাজ্ঞলি যাঁচিলে সমগ্ৰ ভাৰতবৰ্ষত হিলিং কনচাৰ্ট আৰু কৰ্পৰেট ৱেলনেছ চেছনৰ বাবে সুপৰিচিত প্ৰখ্যাত মিউজিক থেৰাপিষ্ট তথা পৰিবেশক অনুভূতি গোস্বামী আৰু তেওঁৰ স্বামী বহুমুখী বাদ্যযন্ত্ৰী ইমন গোস্বামীয়ে। কলকাতা আছামীজ কালচাৰেল এছ’চিয়েশ্যনৰ উদ্যোগত অসম ভৱনত আৰু ব্যতিক্ৰম মাছড’ৰ উদ্যোগত আশুতোষ বাৰ্থ চেণ্টেনাৰী হলত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী দুগৰাকীয়ে পৰিৱেশন কৰে তেওঁলোকৰ আৰোগ্যময় সাংগীতিক অনুষ্ঠান।
দুয়োটা অনুষ্ঠানতে উপস্থিত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় অনুভূতি গোস্বামী আৰু ইমন গোস্বামীয়ে। সুধাকণ্ঠৰ সজীৱ, হৃদয়স্পৰ্শী আৰু আৰোগ্যদায়ক কালজয়ী গীতবোৰ এক’ষ্টিক ৰূপত শুনি সমাহিত হৈ পৰে সকলো। হেণ্ডপেনৰ মায়াময় ধ্বনিৰ সৈতে ঋতুপৱন কটকীৰ গীটাৰ আৰু সুদীপেন্দ্ৰ নাথ চেটাৰ্জীৰ ভায়’লিনৰ মধুৰ সংগীতে অনুষ্ঠানত সৃষ্টি কৰে এক গভীৰ আৰু আৱেগময় পৰিৱেশৰ। এই সুৰৰ সংমিশ্ৰণে দৰ্শকক লৈ যায় হৃদয়ৰ গভীৰতা আৰু চিন্তাৰ জগতলৈ। বহু শ্ৰোতাই জনোৱা মতে, এই এক’ষ্টিক পৰিৱেশনে কনচাৰ্টসমূহক কেৱল সংগীতৰ উপভোগৰ পৰা বহু আগুৱাই মনৰ শান্তি আৰু আৱেগৰ নিৰাময়ৰ এক অলৌকিক অভিজ্ঞতালৈ ৰূপান্তৰিত কৰে।
এই উদ্যোগ সন্দৰ্ভত ব্যতিক্ৰম মাছড’ৰ অধ্যক্ষ ড০ সৌমেন ভাৰাতীয়াই কয়, “অনুভূতি আৰু ইমনে ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীতবোৰত নতুন প্ৰাণ সঞ্চাৰ কৰি হৃদয়ৰ স্পন্দন জগাই তুলিছে। তেওঁলোকৰ এই মায়াময় উপস্থাপনে সুধাকণ্ঠৰ চিৰন্তন গীতৰ সৈতে মনৰ গভীৰতাৰ সংযোগ গঢ়াৰ এক নতুন দুৱাৰ খুলি দিছে।’’ নিজৰ অনুভৱ ব্যক্ত কৰি অনুভূতি গোস্বামীয়ে কয়, “সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতবোৰত সদায় এক মানৱতা আৰু আৰোগ্যৰ শক্তি লুকাই থাকে। তেওঁৰ সেই কালজয়ী গীতবোৰ এনেদৰে পৰিৱেশন কৰি আমি মাথো সুধাকণ্ঠৰ শতবাৰ্ষিকীত তেওঁক সুৰৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছো।”
ইমন গোস্বামীয়ে কয়, “সংগীত যেতিয়া এক’ষ্টিক আৰু ধ্যানমগ্নভাৱে উপভোগ কৰা হয়, তেতিয়া ই মনৰ গভীৰতম কোণত স্পৰ্শ কৰিব পাৰে। এই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে আমি তেওঁৰ উত্তৰাধিকাৰক আৰোগ্যতাৰ মায়াময় স্পৰ্শেৰে জীৱন্ত কৰাৰ প্ৰয়াস কৰিছো।” দৰ্শকৰ উচ্ছ্বাসপূৰ্ণ প্ৰশংসাৰে এই শ্ৰদ্ধাঞ্জলি অসমীয়া সাংস্কৃতিক ঐতিহ্য আৰু আধুনিক আৰোগ্য কলাৰ এক অবিস্মৰণীয় সংগমস্থলীলৈ পৰিণত হৈ পৰে। অন্যহাতে, জন্ম শতবাৰ্ষিকী উদযাপনৰ বাহিৰেও এই পৰিৱেশনে অনুভূতি গোস্বামীৰ বৃহত্তৰ সংকল্পক প্ৰতিফলিত কৰিছে। ভাৰতৰ সাংস্কৃতিক মঞ্চৰ পৰা কৰ্প’ৰেট সুস্থতা অনুষ্ঠানলৈ সংগীতৰ আৰোগ্য শক্তিক বিভিন্ন দৰ্শকৰ মাজলৈ লৈ গৈছে অনুভূতি গোস্বামীয়ে। তেওঁৰ এই প্ৰয়াসে সংগীতক ঐতিহ্য, স্বাস্থ্য আৰু শিল্পৰ মাজৰ এক সুৰীয়া সেতু হিচাপে গঢ়ি তুলিছে।