গুৱাহাটী, ১০ অক্টোবৰ, ২০২৫ : ভাৰতে (India) ইতিহাস গঢ়ি পোন প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মিক্সড দলীয় শাখাত পদক জয় নিশ্চিত কৰিছে৷ গুৱাহাটীৰ আমিনগাঁওস্থিত নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰায় তিনি ঘণ্টাৰ কোৱাৰ্টাৰ ফাইনেলত দ্বিতীয় বাছনিৰ দল ভাৰতে কোৰিয়াক তিনিটা উত্তেজনাপূৰ্ণ গেমৰ অন্তত ২-১ ৰ ব্যৱধানত পৰাস্ত কৰি এই ঐতিহাসিক গৌৰৱ লাভ কৰে৷ বেষ্ট অব থ্ৰীৰ প্ৰথম মেচত ভাৰত ৪৪-৪৫ ত পৰাস্ত হয় যদিও শক্তিশালী প্ৰত্যাবৰ্তনৰে পৰবৰ্তী মেচ দুখনত চমকপ্ৰদভাবে ৪৫-৩০, ৪৫-৩৩ ত জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশৰে অতিকমেও ব্ৰঞ্জ পদক জয় কৰাটো নিশ্চিত কৰিছে৷
উল্লেখ্য যে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে এতিয়ালৈকে ১১ টা পদক একক শাখাত লাভ কৰিছিল যদিও দলীয় ইভেণ্টত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশে দলৰ পূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল৷ কিন্তু এইবাৰ অসমত প্ৰথমবাৰৰ বাবে হোৱা প্ৰতিযোগিতাখনত মহাবাহু ব্ৰহ্মপূত্ৰৰ পাৰত পদক নিশ্চিত কৰি ভাৰতীয় বেডমিণ্টনৰ সোণালী যাত্ৰাৰ ইতিহাসত আৰু এটা গৌৰৱৰ অধ্যায় সন্নিবিষ্ট কৰিলে৷ ভাৰতৰ এই গৌৰৱময় সফলতাৰ মূলতে হ’ল আমিনগাঁওৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত বিগত এবছৰ ধৰি ভাৰতীয় দলে কৰি থকা অনুশীলন৷ ইফালে, বৃহস্পতিবাৰে চাপৰ নকআউট মেচত ভাৰতে প্ৰথমে পৰাজয়ৰ সন্মুখিন হৈছিল যদিও দৰ্শকৰ মুক্তমনৰ কণ্ঠস্বৰৰ সমৰ্থনে ঘৰুৱা দলৰ প্ৰতিভাবান নৱাগত শ্বাটলাৰসকলক মানসিকৰূপত শক্তিশালী কৰি তোলে আৰু ষ্টেডিয়ামৰ জন ঝংকাৰেই যুদ্ধ কৰিবলৈ তথা বিজয় হোৱাত প্ৰতিগৰাকী ভাৰত মাতৃৰ সন্তানক উদগনি জনায়৷ শুকুৰবাৰে ছেমিফাইনেলত ভাৰত ইণ্ডোনেছিয়াৰ মুখামুখি হ’ব৷ ডিফেণ্ডিং চেম্পিয়ন দেশখনে বৃহস্পতিবাৰে কোৱাৰ্টাৰ ফাইনেলত চাইনিছ টাইপেক ৪৫-৩৫, ৪৫-৩৫ ত হৰুৱায়৷
বেষ্ট অব থ্ৰীৰ প্ৰথম মেচ আৰম্ভ হয় পুৰুষৰ ডাবলছৰে আৰু ভাৰতৰ ভাৰ্গব ৰাম-বিশ্ব তেজ যুটি কোৰিয়াৰ লী হিৱং-চো হিৱঙৰ বিৰুদ্ধে ৯-৫ ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখিন হয়৷ ইয়াৰ পাছত হোৱা মহিলাৰ ডাবলছত ভাৰতৰ ভেনালা আৰু ৰেছিকাই ১০-৯ ত ছেট দখল কৰিলেও কোৰিয়াই ১৮-১৫ ৰ পইণ্টৰ ব্যৱধানত আগবাঢ়ি থাকে৷ তৃতীয় ছেটত পুৰুষৰ একক শাখাত ভাৰতৰ ৰ’নক চৌহানে অনবদ্য খেল প্ৰদৰ্শন কৰি পইণ্টৰ ব্যৱধান ২৬-২৭ লৈ হ্ৰাস কৰে৷ তেওঁ ছেটতো ১১-৯ ত দখল কৰে৷ কিন্তু মিক্সড ডাবলছ মেচখনত ভাৰতীয় যুটি লালৰামছাংগা আৰু আনিয়া বিষ্টে মাত্ৰ চাৰি পইণ্টহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ফলত চতুৰ্থ ছেটৰ অন্তত কোৰিয়াৰ অগ্ৰগতি ৩৬-৩০ হয়৷ পঞ্চম তথা মেচ নিৰ্ণয়কাৰী মহিলাৰ একক শাখাত ভাৰতৰ উন্নতি হুদাই দৰ্শনীয় খেল খেলিলেও এটা পইণ্টৰ ব্যৱধানত (৪৫-৪৪) ব্যৱধানত ভাৰত পৰাস্ত হয়৷ উন্নতিয়ে ১৪ পইণ্ট লাভ কৰাৰ বিপৰীতে কোৰিয়াৰ শ্বাটলাৰ কিম হানে ৯ অৰ্জন কৰি প্ৰথমে ৪৫ পইণ্টৰ লক্ষ্যত দলক উপনিত কৰায় লগতে ১-০ ৰ অগ্ৰগতি দিয়ে৷
মাত্ৰ এক পইণ্টত প্ৰথম মেচ পৰাস্ত হোৱাৰ পাছত মৰণপণ দ্বিতীয় মেচখনত ভাৰতীয় শ্বাটলাৰে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি পাচটা ছেটৰ চাৰিটাই দখল কৰে তথা জয়ৰে ১-১ ত ক্ষমতা স্থাপন কৰিবলৈ সক্ষম হয়৷ পুৰুষৰ ডাবলছত ভাৰ্গব ৰাম আৰু লালৰামছাংগাই ৯-৭ ত জয়ী হৈ ভাৰতক সুন্দৰ আৰম্ভনি দিয়ে৷ এই ধাৰা অব্যাহত ৰাখি দ্বিতীয় ছেটতো ভাৰতৰ ভেনালা আৰু ৰেছিকাই মহিলাৰ ডাবলছত ৯-৩ ত জয়ী হৈ দলক ১৮-১০ ত আগুৱাই ৰাখে৷ তৃতীয় ছেটৰ পুৰুষৰ একক শাখাত ৰ’নক চৌহান ৯-১৩ ত পৰাস্ত হয় যদিও ভাৰতে ২৭-২৩ ৰ অগ্ৰগতি ধৰি ৰাখে৷ পৰবৰ্তী মিক্সড ডাবলছ মেচত লালৰামছাংগাই নতুন সংগী বিশাখাৰ লগত খেলি চতুৰ্থ ছেট ৯-৪ ত দখল কৰাৰ লগতে ভাৰতৰ অগ্ৰগতিৰ ব্যৱধান ৩৬-২৭ কৰে৷ অন্তিম ছেটতো মহিলাৰ শাখাত খেলা উন্নতিয়ে দমনীয় প্ৰদৰ্শন কৰি ৯-৩ ত দখল কৰাৰ লগতে ভাৰতক ৪৫-৩০ ত বিজয় দিয়ে৷
দ্বিতীয় মেচত অনন্য জয়ৰে সমতা স্থাপন কৰি প্ৰত্যাবৰ্তন কৰা ভাৰতে ইতিহাস গঢ়াৰ সন্ধিক্ষণৰ তৃতীয় মেচত অধিক আত্মবিশ্বাস তথা দৃঢ়তাৰে কৰ্টত নামে৷ ভাৰ্গব ৰাম আৰু লালৰামছাংগাই পুৰুষৰ ডাবলছ মেচত ৯-৫ ত জয়ৰে দলক প্ৰত্যাশিত আৰম্ভনি দিয়াৰ পাছত কিন্তু দ্বিতীয় ছেটতো ভাৰতে হেৰুৱাব লগা হয়৷ মহিলাৰ ডাবলছ মেচখনত ভেনেলা-ৰেশিকা ৭-১৩ ত পিছ পৰে৷ এইবাৰ কোৰিয়াৰ অগ্ৰগতি ১৮-১৬ হয়৷ তৃতীয় ছেটত পুৰুষৰ একক শাখাত ৰ’নক চৌহানে ১১-৪ ত জয়লাভ কৰি ভাৰতক পুনৰ ২৭-২২ ৰ অগ্ৰগতি দিয়ে৷ ইয়াৰ পৰাই আৰম্ভ হয় ভাৰতৰ অপূৰ্ণ সপোনৰ ঐতিহাসিক বাস্তৱৰ গৌৰৱময় লক্ষ্যপ্ৰাপ্তিৰ যাত্ৰা৷ চতুৰ্থ ছেটত মিক্সড ডাবলছত লালৰামছাংগা আৰু আনায়া বিষ্টে ৯-৭ ত জয়ী হৈ ভাৰতৰ অগ্ৰগতি ৩৬-২৯ কৰাৰ পাছত অন্তিম ছেটতো উন্নতিয়ে ৯-৪ ত লাভ কৰি ভাৰতক ছেমিফাইনেলত প্ৰৱেশ কৰায়৷