গুৱাহাটী, ২৫ অক্টোবৰ, ২০২৫ : কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ‍্য সমিতিৰ যৌথ উদ্যোগত শুকুৰবাৰে “শুশ্ৰূষা সেতু” শীৰ্ষক তৃতীয়খন বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ ( Health Camp) সফল সামৰণি পৰে। এই শিবিৰত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু দিশপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটো উদ্বোধন কৰে।

অনুষ্ঠানত অসম পণ‍্যাগাৰ নিগমৰ উপাধ‍্যক্ষ ড০ তপন দাস, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, জিলা উন্নয়ণ আয়ুক্ত পাৰিজাত ভূঞা, ডিমৰীয়া সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াকে ধৰি ডিমৰীয়াৰ সহকাৰী আয়ুক্ত উপস্থিত থাকে। ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীৰ প্ৰাথমিক ৰোগ চিনাক্তকৰণ আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে আজিৰ এই স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়।

ডিমৰীয়া বিধানসভা সমষ্টিৰ মুঠ ১৬ টা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিদ‍্যালয় সমূহৰ পৰা শুকুৰবাৰৰ শিবিৰত মুঠ ২৮৬৫ গৰাকী শিশু আৰু কিশোৰ-কিশোৰীয়ে বিশেষজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে। ইয়াৰে ৩৪৪ গৰাকীক অধিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়।

শিবিৰত শিশু ৰোগ, হৃদৰোগ, প্ৰসূতি আৰু স্ত্ৰী ৰোগ, চৰ্মৰোগ, স্নায়ুৰোগ, চকু আৰু দাঁতৰ ৰোগ, শিশুৰ বিকাশজনিত বিলম্ব, অস্থিৰোগ আদি মিলি ৫০ ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শৰ ব্যৱস্থা কৰা হয়। তদুপৰি উচ্চ ৰক্তচাপ, মধুমেহ আৰু কেঞ্চাৰ আদিৰ বিনামূলীয়া পৰীক্ষণৰ লগতে যোগাসন আৰু স্বাস্থ্য সজাগতা বিষয়ক বিশেষ কাৰ্যসূচীও আয়োজিত হয়। শিবিৰত আভা কাৰ্ড সৃষ্টিৰো ব্যৱস্থা কৰা হয়।