নিউজ ডেস্ক, ২ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে, মালিগাঁৱৰ (Maligaon) পৰা প্ৰধান মুখ্য সুৰক্ষা বিষয়া উত্তম প্ৰকাশৰ নেতৃত্বত এক উচ্চপৰ্যায়ৰ সুৰক্ষা অডিট টীমে, চাউথ কোষ্ট ৰে’লৱেৰ (এছচিঅ’আৰ) অধীনস্থ বিশাখাপট্টনম মণ্ডলৰ বিশাখাপট্টনম-বব্বিলি খণ্ডত গুৰুত্বপূৰ্ণ ৰে’লৱে প্ৰতিষ্ঠান, ষ্টেচন আৰু লেভেল ক্ৰছিংসমূহত সুৰক্ষা ব্যৱস্থাসমূহৰ মূল্যাঙ্কণ আৰু শক্তিশালীকৰণৰ বাবে এক বিস্তৃত সুৰক্ষা অডিট অলপতে সম্পন্ন কৰে। এই ইন্টাৰ-জোনেল সুৰক্ষা অডিট, বহুমূখী টীমসমূহৰ দ্বাৰা নিয়মীয়াকৈ আৰু বিস্তৃতভাৱে গ্ৰহণ কৰা এক অনুশীলন যি কঠোৰভাৱে সুৰক্ষা মানদণ্ডৰ পালন আৰু সুৰক্ষিত ৰে’ল চলাচলৰ সৈতে জড়িত সকলো পৰিচালন নিৰ্দেশনাৰ ফলপ্ৰসূ বাস্তৱায়ন নিশ্চিত কৰাৰ লক্ষ্য ৰাখে।
এই অডিটসমূহে সম্ভাৱ্য বিপদ চিনাক্তকৰণ, সুৰক্ষা ব্যৱস্থাৰ শক্তিশালীকৰণ আৰু সৰ্বোত্তম পদ্ধতিসমূহ সকলো ৰে’লৱে জ’নত একেইধৰণে অনুসৰণ কৰাটো নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আন্তঃগাঁথনি, পৰিচালন আৰু ৰক্ষণাবেক্ষণ প্ৰ’ট’ক’লসমূহৰ বিশদ মূল্যায়নৰ জৰিয়তে এই কাৰ্যই ৰে’ল সেৱাসমূহৰ সামগ্ৰিক নিৰ্ভৰযোগ্যতা আৰু সুৰক্ষা উন্নত কৰাত উল্লেখযোগ্যভাৱে অৰিহণা যোগায়। বিভিন্ন জ’নৰ বিশেষজ্ঞসকলৰ সমন্বয়ৰে গঠিত এই অডিট টীমসমূহে ভাৰতীয় ৰেলৱে নেটৱৰ্কৰ বিভিন্ন খণ্ডত পৰিদৰ্শন কৰি স্থলভাগৰ সুৰক্ষা ব্যৱস্থাসমূহ সমীক্ষা কৰে, ইন্টাৰ-জোনেল অভিজ্ঞতা বিনিময় কৰে আৰু সুগম আৰু সুদক্ষ ৰে’ল পৰিচালনৰ বাবে সমন্বিত প্ৰচেষ্টাক উৎসাহিত কৰে।
এই সহযোগিতামূলক দৃষ্টিভংগীয়ে শেষত ভাৰতীয় ৰে’লৱেক উপকৃত কৰে যাৰ ফলত ধাৰাবাহিক প্ৰগতিৰ সংস্কৃতি গঢ়ি উঠে আৰু যাত্ৰী আৰু মালবাহী ৰে’ল উভয়ৰে বাবে অধিক নিৰাপদ যাত্ৰা নিশ্চিত হৈ পৰে। বিশদ পৰিদৰ্শনৰ সময়ত অডিট টীমে পিডিটি-কেটিভি (কিমি ৮৫৫.২৩৬ ৰ পৰা ৮৫৫ পৰ্যন্ত) ৰ মাজত কাৰ্ভ নং ৮ সহ কোট্টাভালাছা ষ্টেচন য়াৰ্ড (পইণ্টছ এণ্ড ক্ৰছিংছ), আলামাণ্ডা-কোৰুকোণ্ডাৰ মাজত বৃহৎ সেতু (মধ্য লাইন), কোমাটিপল্লী-ডঙ্কিনাভালাছাৰ মাজত অভিযান্ত্ৰিকী পৰিচালিত লেভেল ক্ৰছিং গেট, লগতে বব্বিলি ষ্টেচন আৰু তাৰ ৰিলে ৰূম, কোমাটিপল্লী য়াৰ্ড, কোমাটিপল্লীত ট্ৰেকচন ছাব-ষ্টেচন, লেভেল ক্ৰছিং গেট আৰভি-৩২৩, কোচিং ক্ৰু লবি, এক্সিডেণ্ট ৰিলিফ মেডিকেল ইকুইপমেণ্ট ভ্যান, এক্সিডেণ্ট ৰিলিফ ট্ৰেইন, নিউ কোচিং কমপ্লেক্স, ৰানিং ৰূম আৰু বিশাখাপট্টনমত ৰুট ৰিলে ইণ্টাৰলকিং (আৰআৰআই) কেবিনকে ধৰি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ পৰীক্ষা কৰে।
অডিট দলত ট্ৰেফিক, অভিযান্ত্ৰিকী, চিগনেল এণ্ড টেলিকমিউনিকেচন, বৈদ্যুতিক, যান্ত্ৰিক আৰু সুৰক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৱালটেয়াৰ মণ্ডলৰ বিষয়াসকলো অন্তৰ্ভুক্ত আছিল। ৱালটেয়াৰ মণ্ডলৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক ললিত বোহৰাই অডিট টীমৰ সৈতে মত বিনিময় কৰি সুৰক্ষা পৰ্যবেক্ষণসমূহ পৰ্যালোচনা কৰে। তেখেতে গুৰুত্ব সহকাৰে কয় যে এনেধৰণৰ পৰ্যায়ক্ৰমিক ইন্টাৰ-জোনেল পৰিদৰ্শনসমূহে সুৰক্ষা কামকাজৰ মূল্যায়ন, চিষ্টেমেটিক গেপ চিনাক্তকৰণ আৰু পৰিচালন সুৰক্ষা উন্নত কৰাৰ অৰ্থে প্ৰয়োজনীয় সংশোধনমূলক ব্যৱস্থাৰ পৰামৰ্শ প্ৰদানত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
অডিটৰ ফলাফলসমূহ বিশদ প্ৰতিবেদনত সংকলিত কৰা হ’ব, তাৰ পিছত ৰূপায়ন কৰা প্ৰতিবেদনসমূহ ৰে’ল মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হ’ব। এইবোৰ পিছত নেটৱৰ্কজুৰি ৰেলৱে সুৰক্ষা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰেলৱে ব’ৰ্ডে বিশ্লেষণ কৰি নিৰ্দেশনাসমূহ প্ৰণয়ন কৰিব।
