নিউজ ডেস্ক, ৩ ডিচেম্বৰ, ২০২৫ : ৰে’ল মন্ত্ৰালয়ে ১৫২.৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিউ কোচবিহাৰ-গোলকগঞ্জ-গৌৰীপুৰ-অভয়াপুৰী খণ্ডৰ দ্বৈতকৰণৰ বাবে চূড়ান্ত স্থান জৰীপৰ অনুমোদন প্ৰদান কৰিছে, যাৰ আনুমানিক ব্যয় ৩,৬৫,৫৪,৪০০ টকা। এই পদক্ষেপে অঞ্চলটোৰ ৰে’লৱে (Railway) আন্তগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে এই গুৰুত্বপূৰ্ণ কৰিড’ৰত ৰে’ল পথৰ পৰিবহন ক্ষমতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

নিউ কোচবিহাৰ- গোলোকগঞ্জ-গৌৰীপুৰ-অভয়াপুৰী খণ্ডটোৱে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে এক গুৰুত্বপূৰ্ণ কৰিড’ৰ আৰু উত্তৰবঙ্গৰ লগতে নামনি অসমৰ জনসাধাৰণৰ বাবে উল্লেখযোগ্যভাৱে সা-সুবিধা প্ৰদান কৰে। যাত্ৰীৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ লগতে এই অঞ্চলজুৰি মালবাহী পৰিবহণ ধাৰাবাহিকভাৱে বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, ৰে’ল পথৰ পৰিবহন ক্ষমতা বৃদ্ধি এতিয়া অপৰিহাৰ্য হৈ পৰিছে।

অনুমোদিত জৰীপে এই প্ৰয়োজনীয়তাসমূহৰ পৰ্যালোচনা কৰাত সহায় কৰিব আৰু প্ৰস্তাৱিত দ্বৈতকৰণ কাৰ্যৰ ফলপ্ৰসূ পৰিকল্পনা প্ৰস্তুত কৰাত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব। এই প্ৰকল্পই ৰে’লৱেৰ পৰিবহন ক্ষমতা বৃদ্ধিৰ লগতে ৰেল চলাচল অধিক সুগম কৰিব আৰু স্থানীয় যোগান শৃংখলা শক্তিশালী কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত সহায়ক হ’ব বুলি আশা কৰা হৈছে।

চূড়ান্ত স্থান জৰীপত ভৌগোলিক বৈশিষ্ট্য, সেতু, সুৰঙ্গ, মাটিৰ অৱস্থা আৰু অন্যান্য অভিযান্ত্ৰিক দিশসমূহৰ বিস্তৃত পৰীক্ষণ অন্তৰ্ভূক্ত থাকিব। এই অনুসন্ধানৰ ভিত্তিত এখন সম্পূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব আৰু পৰৱৰ্তী অনুমোদন আৰু বিৱেচনাৰ বাবে ৰে’ল মন্ত্ৰালয়লৈ দাখিল কৰা হ’ব। এই জৰীপে পৰিকল্পিত দ্বৈতকৰণ কাৰ্যৰ বাবে এক অতি গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক পৰ্যায় হিচাপে কাম কৰিব, যাৰ উদ্দেশ্য হৈছে যাত্ৰীবাহী আৰু মালবাহী উভয় ৰে’লৰ অধিক সুগম আৰু দ্ৰুতগতিত চলাচল সুনিশ্চিত কৰা। উত্তৰ-পূৱ সীমান্ত ৰে’লৱে আগন্তুক দিনতো এনে ধৰণৰ সমীক্ষা আৰু অধ্যয়ন অব্যাহত ৰাখিব, যাতে ৰে’লৱে আন্তগাঁথনি শক্তিশালীকৰণ, আগশাৰীৰ উদ্যোগ গ্ৰহণ আৰু জনসাধাৰণৰ বাবে ৰে’ল সেৱাৰ সুৰক্ষা, কাৰ্যক্ষমতা আৰু সামগ্ৰিক গুণগত মানদণ্ড অধিক উন্নত কৰাটো নিশ্চিত হয়।