উমৰাংছ, ৬ ডিচেম্বৰ, ২০২৫ : শুকুৰবাৰে উমৰাংছ’ত এচিএ (ACA) ক্ৰিকেট ষ্টেডিয়াম আৰু চেংগ্যা তুলাৰাম পেভিলিয়ন উদ্বোধনেৰে অসমে ক্ৰীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গৰ্লোছা, ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গৰ্লোছা, বিচিচিআইৰ সম্পাদক তথা আইচিচিৰ ব’ৰ্ডৰ সঞ্চালক দেৱজিৎ শইকীয়া আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, এচিএৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক সনাতন দাস আদিৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ষ্টেডিয়াম আৰু পেভিলিয়ন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

২০২১ চনত আৰম্ভ হোৱা এই প্ৰকল্পটোক ৰাজ্যত খেলবিধৰ সম্প্ৰসাৰণৰ বাবে অসম ক্ৰিকেট সন্থাৰ প্ৰচেষ্টাত এক ডাঙৰ সংযোজন হিচাপে অভিহিত কৰা হৈছে। আকৰ্ষণীয় প্ৰাকৃতিক পৰিৱেশত নিৰ্মীয়মাণ এই স্থানক প্ৰদৰ্শন আৰু নান্দনিক দুয়োটা দিশতে গুৰুত্ব দি ক্ৰিকেট কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে। ৩০ বিঘা ভূমি সামৰি লোৱা এই প্ৰকল্পত আছে ৫ খন চেণ্টাৰ উইকেট, ৫ খন প্ৰেকটিছ পিটচ, ৮ টা আৱাসিক ষ্টাফ কোৱাৰ্টাৰ, ৩২ জন খেলুৱৈৰ বাবে বাংক বেড থকাৰ ব্যৱস্থাৰে আধুনিক পেভিলিয়ন আৰু প্ৰায় ১৫ হাজাৰ দৰ্শক বহিব পৰা মাটিৰ গেলেৰী ।

ষ্টেডিয়াম আৰু পেভিলিয়ন উন্মোচন কৰাৰ পাছত মুখ্যমন্ত্রীয়ে অসম ক্ৰিকেট সন্থাক অভিনন্দন জনাই উমৰাংছ’ৰ বাবে শুকুৰবাৰৰ দিনটো এটা ভাল দিন বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে ভাৰতীয় ক্ৰিকেটৰ কেইবাগৰাকী বিখ্যাত খেলুৱৈক অতি সোনকালে এই স্থানত খেলিবলৈ আমন্ত্ৰণ জনোৱা হ’ব। আনহাতে দেৱজিৎ শইকীয়াই প্ৰকল্পটোক বাস্তৱত পৰিণত কৰাত সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দেবোলাল গৰ্লোছাই আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জনায়। এই খেলপথাৰৰ পৰিৱেশে তেওঁক ইংলেণ্ড বা স্কটলেণ্ডৰ স্থানৰ কথা মনত পেলাই দিয়ে বুলিও শইকীয়াই লগতে উল্লেখ কৰে।

এচিএৰ সভাপতি তৰংগ গগৈয়ে কয় যে এই ষ্টেডিয়ামখন দেশৰ আটাইতকৈ ধুনীয়া ষ্টেডিয়ামৰ ভিতৰতে এখন হ’ব। খুউব সোনকালে এই স্থানত প্ৰথম শ্ৰেণীৰ মেচ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। স্থানীয় কৰ্মকৰ্তাসকলে কয় যে নতুনকৈ গঢ়ি উঠা এই সুবিধাই সংস্থাটোক প্ৰশিক্ষণ শিবিৰ আৰু প্ৰতিযোগিতামূলক মেচ আয়োজন কৰাত সহায় কৰাৰ লগতে পাহাৰীয়া জিলাৰ যুৱ খেলুৱৈসকলৰ বাবে সুযোগ সৃষ্টি কৰিব। অনুষ্ঠানত ডি এইচ এ চিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য প্ৰবিতা জোহৰি, ডিমা হাছাওৰ উপ আয়ুক্ত মুনিন্দ্ৰ নাথঙাতে, এ চি এৰ এপেক্স কাউন্সিলৰ সদস্য প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।