নিউজ ডেস্ক, ১৬ জানুৱাৰী, ২০২৬ : বিগত দশকটোত পশ্চিম বংগ (West Bengal) ৰে’লৱে প্ৰেক্ষাপটৰ লক্ষণীয়ভাৱে এক উজ্জ্বল ৰূপান্তৰ ঘটিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, ভাৰতীয় ৰে’লৱেই পূব ভাৰতত আন্তঃগাঁথনিৰ দ্বাৰা ৰে’লৱে উন্নয়নৰ এক অন্যতম শক্তিশালী অস্ত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ভৌগোলিক সীমাবদ্ধতা, আওপুৰণি আন্তঃগাঁথনি আৰু অসমান সুগমতাৰ বাবে পূৰ্বে বাধাপ্ৰাপ্ত হৈ থকা এই অঞ্চলসমূহে সু-সংহত আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত সাজু ৰে’ল ব্যৱস্থালৈ অগ্ৰসৰ হৈ আজি এক ঐতিহাসিক পৰিবর্তনৰ সাক্ষী হৈ পৰিছে।

এই ৰূপান্তৰৰ কেন্দ্ৰবিন্দুত আছে অমৃত ভাৰত ষ্টেচন আঁচনি, যি বিশ্বৰ সৰ্ববৃহৎ ৰে’ল ষ্টেচনৰ পুনৰ্বিকাশৰ কাৰ্যসূচী আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ পৰিসৰত এক নতুন যুগৰ সূচনা কৰিছে। কেৱল ষ্টেচন আধুনিকীকৰণৰ আঁচনিয়েই নহয়, অমৃত ভাৰত ষ্টেচন আঁচনিয়ে ৰাষ্ট্ৰৰ সেৱাত ৰে’লৱে আন্তঃগাঁথনি কেনেদৰে ব্যৱহৃত হ’ব লাগে তাৰ এক দূৰদৰ্শী পুৰ্বকল্পনা প্ৰদৰ্শন কৰে। দেশজুৰি ১,৩০০ৰো অধিক ষ্টেচন পুনৰ্বিকাশৰ বাবে চিনাক্ত কৰা হৈছে। এই আঁচনিখনে উদ্দেশ্যতকৈ ফলাফলক আৰু জড়তাতকৈ আন্তঃগাঁথনিক অগ্ৰাধিকাৰ দিয়া নেতৃত্বৰ দৰ্শনকেই প্ৰতিফলিত কৰে। এই পুনৰ্বিকাশসমূহ কেৱল বাহ্যিক সৌন্দৰ্য বৃদ্ধিৰ বাবেই নহয়; ইয়াত আধুনিক যাত্ৰী সুবিধা, দিব্যাংগজন-অনুকূল ব্যৱস্থা, উন্নত চতুৰ্দিশৰ এলেকাৰ ব্যৱস্থা, আধুনিক প্ৰতীক্ষাগৃহ, ডিজিটেল তথ্য প্ৰণালী তথা স্থানীয় ঐতিহ্যৰ পৰা অনুপ্ৰাণিত স্থাপত্য সংযোজন কৰা হৈছে, যাতে ষ্টেচনসমূহ আধুনিক, সুগম আৰু আঞ্চলিকভাৱে সমৃদ্ধ বিকাশৰ দুৱাৰমুখ হিচাপে গঢ় লৈ উঠে।

সামগ্ৰিকভাৱে আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত উদ্যোগ হিচাপে কল্পিত অমৃত ভাৰত ষ্টেচন আঁচনিয়ে আন্তঃগাঁথনিৰ এক জনমুখী দৃষ্টিভংগীকেই ৰূপায়িত কৰে। ষ্টেচনসমূহক জীৱন্ত ৰাজহুৱা স্থান আৰু আৰ্থিকভাৱে সহায়কলৈ ৰূপান্তৰ কৰি, এই আঁচনিয়ে আঞ্চলিক বাণিজ্য উদ্দীপিত কৰে আৰু সামগ্ৰিকভাৱে যাত্ৰীৰ অভিজ্ঞতা উন্নত কৰি তোলে। পশ্চিম বংগই দ্ৰুতগতিত যাত্ৰী-কেন্দ্ৰিক ৰে’ল আধুনিকীকৰণৰ এক মানদণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। সুৰক্ষা, সুগমতা আৰু গতিশীলতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উন্নতিসমূহে সমগ্ৰ ৰাজ্যজুৰি ৰে’ল যাত্ৰাৰ অভিজ্ঞতাক এক নতুন পৰ্যায়লৈ ৰূপান্তৰিত কৰিছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত, প্ৰায় ৩,৬০০ কোটি টকাৰ বিনিয়োগেৰে পশ্চিম বংগত ১০১টা অমৃত ভাৰত ষ্টেচন সামৰি লোৱা হৈছে। মহানগৰ কেন্দ্ৰ, সীমাৱৰ্তী চহৰ আৰু তীৰ্থস্থানসমূহক সামৰি লোৱা এই পুনৰ্বিকাশসমূহে সুষম আৰু অন্তৰ্ভুক্তিমূলক আঞ্চলিক বিকাশকেই নিশ্চিত কৰে।

হাওৰা, শিয়ালদহ, নিউ জলপাইগুড়ী, খড়গপুৰ, আচানচোল, বান্দেল, মালদা টাউন, শিলিগুড়ী, আলিপুৰদুৱাৰ, শালিমাৰ আৰু সাট্ৰাগাচীকে ধৰি মুখ্য ষ্টেচনসমূহ একক আধুনিকীকৰণ দৃষ্টিভংগীৰ অধীনত উন্নীত কৰা হৈ আছে। গুৰুত্বপূৰ্ণ পুনৰ্বিকাশ প্ৰকল্পসমূহে এই গতিবেগক অধিক শক্তিশালী কৰিছে। প্ৰায় ৩৩৫ কোটি টকাৰ অনুমোদিত ব্যয়েৰে নিউ জলপাইগুড়ীক উত্তৰ-পূৰ্বাঞ্চলৰ আধুনিক দুৱাৰমুখ হিচাপে ৰূপান্তৰ কৰা হৈছে, য’ত নতুন টাৰ্মিনেল, এয়াৰ কনকোৰ্স আৰু উন্নত যাত্ৰী আন্তঃগাঁথনি সংযোজন কৰা হৈছে। প্ৰায় ৩৮০ কোটি টকাৰ বিনিয়োগেৰে সাট্ৰাগাচী এক মুখ্য বহু-মাধ্যমিক কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে, যাৰ লক্ষ্য হাওৰা-কলকাতা কৰিডৰত যাত্ৰীৰ চাপ হ্ৰাস কৰা। আচানচোল আৰু শালিমাৰতো দূৰৱৰ্তী সংযোগ শক্তিশালী কৰাৰ লগতে আঞ্চলিক অৰ্থনৈতিক গতিবিধিকো ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিস্তৃত উন্নীতকৰণৰ কাম-কাজ চলি আছে। যাত্ৰীৰ সুবিধাসমূহ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে-২৫০খন লিফ্ট স্থাপন, ৪০০ৰো অধিক এস্কালেটৰ কাৰ্যকৰী কৰা হৈছে তথা ৫১০টা ষ্টেচনত ৱাই-ফাইৰ সংযোগ উপলব্ধ হৈছে-ইয়াৰ জৰিয়তে সুগমতা আৰু পৰিচালন দক্ষতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।